পৌৰ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থীক ভয় ভাবুকি প্ৰদানেৰে মনোনয়ন প্ৰত্যাহাৰ কৰোৱাইছে বিজেপিয়ে- অপূর্ব কুমাৰ ভট্টাচাৰ্য্য

A

নিউজ ডেস্ক:

পৌৰ সভ নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থীক ভয়-ভাবুকি প্ৰদান কৰিছে শাসকীয় বিজেপিয়ে।কংগ্ৰেছৰ অস্তিত্ব নাই বুলি দম্ভালি মাৰি থকাৰ সময়ত ভয়-ভাবুকি আৰু প্ৰলোভনৰ দ্বাৰাহে পৌৰ সভাৰ নিৰ্বাচনত বিজয়ী হোৱা সপোন দেখিছে বিজেপিয়ে-এই গুৰুতৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ। ৫৫ লাখ সদস্যৰ বাহাদুৰি দেখুওৱা বিজেপিয়ে পৌৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ ভয়ত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ  ঘৰলৈ গৈ প্ৰাৰ্থীৰ লগতে পৰিয়ালক ভাবুকি প্ৰদান কৰাৰ অভিযোগ ভট্টাচাৰ্য্যৰ।বলপূৰ্বক ভাৱে কংগ্ৰেছৰ প্ৰাৰ্থীক মনোনয়ন প্ৰত্যাহাৰ কৰোৱাইছে।ইয়াৰ ওপৰিও ভয় ভাবুকি প্ৰদান কৰি ভোটাৰক বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ প্ৰমাণ দিলেহে ভৱিষ্যতে চৰকাৰী সুবিধা লাভ কৰিব বুলি ভয় খুৱাই অহা বুলি সম্পাদক গৰাকীয়ে কয়।সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি কয়-বিজেপি দলৰ লামডিং সমষ্টিৰ বিধায়ক ভাতৃ ছিণ্ডিকেটৰ চৰ্দাৰৰ নেতৃত্বত চলিছে গুণ্ডাৰাজ।নগৰ উন্নয়ন মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিধায়ক বাহিনীয়ে সকলো ভোটাৰক ভোট দিয়াৰ প্ৰমাণ দিলেহে ভৱিষ্যতে চৰকাৰী সুবিধা লাভ কৰিব বুলি প্ৰচাৰ কৰিব লগীয়া হৈছে।উত্তৰ গুৱাহাটী,জোনাই, ধেমাজি, উত্তৰ লক্ষীমপুৰ, বিশ্বনাথ চাৰিআলি, লামডিং, মৰিগাওঁ, হাইলাকান্দি, জামুগুৰিহাট, ঢেকিয়াজুলিকে ধৰি বহু ঠাইত আমাৰ দলৰ প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰোৱা হৈছে নতুবা বলপূৰ্বক ভাৱে প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে।কংগ্ৰেছ দলৰ পৰা ৮০খন পৌৰসভাৰ সৰ্বমুঠ ৯২১ টা ওৱাৰ্ডৰ ভিতৰত ৯০৩টা বাবে ইচ্ছুক প্ৰাৰ্থীয়ে A আৰু B ফৰ্ম সংগ্ৰহ কৰিছিল যদিও নিজাববীয়াকৈ ৮৫৪টা আৰু স্থানীয় ভাৱে হোৱা আসনৰ বুজাবুজিত ১৮টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰিব বুলি তেওঁ কয়।ভয়-ভাবুকি প্ৰদান নকৰিলে কংগ্ৰেছে ৮০খন পৌৰ সভা অধিকাংশতে জয়ী হ’ব বুলিও লগতে কয়।

ইফালে বিজেপিৰ এনে কাণ্ডৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগক লিখিত অভিযোগ দিয়া বুলিও কয়।
আনহাতে গুৱাহাটী ক্লাৱত ৰেলৱে মাটি বহিৰাগতক ৯৯বছৰৰ বাবে লীজত দিয়া প্ৰসংগত ভট্টাচাৰ্য্যই কয়-জাতি-মাটি-ভেটিৰ সুৰক্ষাত শ্লোগান দিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শাসনত মহানগৰীৰ মাজ মজিয়াৰ মাটি অনা অসমীয়াই লাভ কৰিল কেনেকৈ!বহিৰাগত পুঁজিপতি ঋষি গুপ্তা, উত্তম বেৰিয়া, অৰুণ বাজাজ কোন?মহানগৰীৰ মাজমজিয়াত ৫৮ বিঘা মাটি ১০০ কোটি টকাত লীজৰ বিষয়ে মুখ্যমন্ত্ৰী নীৰৱ কিয়? এই কাৰ্য্যত কোনে দালালি কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে।

Your Comments