
নিউজ ডেস্ক:
মাজুলী উপ-নিৰ্বাচনত বিৰোধী উমৈহতীয়া প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে বিৰোধী শক্তিসমূহৰ সৈতে সমন্বয় ৰক্ষাৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছে গঠন কৰিছে পৰিচালনা আৰু সমন্বয়ৰক্ষী সমিতি।সভাপতি ভূপেন বৰাই গঠন কৰা মাজুলী উপ-নিৰ্বাচনৰ পৰিচালনা আৰু সমন্বয়ৰক্ষী সমিতিৰ সভাপতিৰ দায়িত্বত ৰাণা গোস্বামী।কাৰ্যকৰী সভাপতি, সহ-সভাপতি, উপ-সভাপতি, মুখ্য আহ্বায়ক, যুটীয়া আহ্বায়ক হিচাপে ৰখা হৈছে বহুকেইজন জ্যেষ্ঠ নেতাক।ইয়াৰ উপৰিও সমিতিখনত আছে সদস্য আৰু বিশেষ আমন্ত্ৰিত সদস্য।
গুৰুত্বপূৰ্ণ কথা এই যে ,বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰোৱা লক্ষ্যৰে বিৰোধী প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক তৃণমূল পৰ্যায়ৰ পৰা সহযোগ কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে জিলা পৰিষদৰ এলেকা ভিত্তিত পৰ্যবেক্ষণ আৰু আহ্বায়ক সমিতি গঠন কৰিছে।প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই গঠন কৰিছে সমিতি।সেই অনুসৰি উত্তৰ-পূৰ্ব জিলা পৰিষদৰ পয্যবেক্ষক বিধায়ক ভৰত চন্দ্ৰ নৰহ আৰু আহ্বায়ক হেমহৰি পেগু।দক্ষিণ পূৰ্বৰ পৰ্যবেক্ষক বিধায়ক বসন্ত দাস আৰু আহ্বায়ক সুৰুজ দিহিঙীয়া।মধ্য মাজুলী পৰ্যবেক্ষক বিধায়ক ভাস্কৰ বৰুৱা আৰু আহ্বায়ক শৈলেন সোণোৱাল।নামনি মাজুলী পৰ্যবেক্ষক এটুৱা মুণ্ডা আৰু আহ্বায়ক পদ্মলোচন দলে।উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী প্ৰতিটো কাৰ্যকলাপ আৰম্ভ কৰিব এইসকলে।
- Log in to post comments
- 34 views