ৰাহুল গান্ধীক কৰা অপমান; দিছপুৰত মুখ্যমন্ত্ৰী পুত্ৰলিকা দাহেৰে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:

কংগ্ৰেছৰ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধীক অপমান কৰি প্ৰতিবাদৰ সন্মুখীন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।সোমবাৰে দিছপুৰত অসম প্ৰদেশ যুৱ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।
উল্লেখ্য যে উত্তৰাখণ্ডৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ড° শৰ্মাই কংগ্ৰেছৰ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক লৈ কৰা চূড়ান্ত অপমানসূচক মন্তব্যক কটাক্ষ কৰি যুৱ কংগ্ৰেছীসকলে কয়- এইয়া এক সুস্থ গণতান্ত্ৰিক ৰাজনীতিৰ প্ৰতি ভাবুকি হিচাপে পৰিগণিত হৈছে।নাৰী সমাজৰ প্ৰতি অপমান কৰিছে।

উল্লেখ্য যে প্ৰতিবাদত প্ৰদেশ যুৱ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৰাতুল পাটোৱাৰী,উপ সভাপতি পৰিতোষ ৰয়, প্ৰশাসনিক সাধাৰণ সম্পাদক আব্দুৰ ৰাজ্জাক, সাংগঠনিক সাধাৰণ সম্পাদক অঙ্কুৰ দাস আৰু ৰাজ্যিক নেতৃত্বৰ উপস্থিতি থাকে।দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী যুৱ কংগ্ৰেছীয়ে হিমন্ত বিশ্ব হায় হায়, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক, নাৰীসত্তাক অপমান কৰা বন্ধ কৰক আদি শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি ভাষণ প্ৰসংগত কাৰ্য্যকৰী সভাপতি ৰাতুল পাটোৱাৰীয়ে কয়-মুখ্যমন্ত্ৰীৰ মন্তৱ্য দুৰ্ভাগ্যজনক।ৰাহুল গান্ধী দেশৰ এগৰাকী প্ৰাক্তন শ্বহীদ প্ৰধানমন্ত্ৰীৰ পুত্ৰ।আজি অসমৰ মুখ্যমন্ত্ৰী বুলি তেখেতক কবলৈ লাজ লাগিছে।অশ্লীল, অশোভনীয় মন্তব্যই হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ আগত লজ্জানত কৰিলে। যেতিয়ালৈ হিমন্ত বিশ্ব শৰ্মাই এই কথা উঠাই নলয়, ৰাজহুৱাভাৱে ক্ষমা নোখোজে তেতিয়ালৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ এই প্ৰতিবাদ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থাকিব।

Your Comments