
নিউজ ডেস্ক:
ৰাজ্যৰ পৌৰসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে ভূপেন বৰা নেতৃত্বাধীন প্ৰদেশ কংগ্ৰেছে।বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰাৰ্থীসকলক ফৰ্ম-এ আৰু ফৰ্ম-বি প্ৰদানৰ কৰ্তৃত্ব দলৰ ৭গৰাকী জ্যেষ্ঠ নেতাক প্ৰদানেৰে নিৰ্বাচনী তত্বাৱধায়ক নিযুক্তি দিয়াৰ কথা সংবাদ বিবৃত্তি জৰিয়তে প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰিছে।তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, ধেমাজি আৰু শিৱসাগৰ জিলাৰ নিৰ্বাচনী প্ৰাৰ্থীৰ তত্বাৱধায়ক দেৱব্ৰত শইকীয়া। যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰাৰ্থীৰ তত্বাৱধায়ক কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী।মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ প্ৰাৰ্থীৰ তত্বাৱধায়ক বিধানসভা উপ-দলপতি ৰকিবুল হুছেইন।কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা তত্বাৱধায়ক কমলাক্ষ দে পুৰকায়স্ত।বৰপেটা, ধুবুৰী, বঙাইগাঁও, উত্তৰ শালমৰা আৰু বজালী তত্বাৱধায়ক জাকিৰ হুছেইন শিকদাৰ। গোৱালপাৰা, নলবাৰী, কামৰূপ(গ্রাম্য) তত্বাৱধায়ক প্ৰদ্যুৎ ভূঞা।লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, উত্তৰ গুৱাহাটী পৌৰসভা তত্বাৱধায়ক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যক নিযুক্তি প্ৰদান কৰিছে।
ইফালে বিবৃত্তিত উল্লেখ থকা মতে সভাপতি বৰাই প্ৰতি জিলা কংগ্ৰেছৰ সভাপতি আৰু পৌৰসভাৰ নিৰ্বাচনী কমিটী অধ্যক্ষক নিজ নিজ পৌৰসভা প্ৰাৰ্থীৰ চুড়ান্ত তালিকা শীঘ্ৰে প্ৰদেশ কংগ্ৰেছ আৰু নিজ নিজ জিলা তত্বাৱধায়কৰ হাতত অৰ্পণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।উল্লেখ্য যে ৬মাৰ্চত অনুষ্ঠিত হ’ব লগা ৮০খন পৌৰসভাৰ মুঠ ৯২১টা ৱাৰ্ডতে প্ৰদেশ কংগ্ৰেছে প্ৰাৰ্থী প্ৰদান কৰিব বুলি সভাপতি বৰাই ঘোষণা কৰিছে।
- Log in to post comments
- 25 views