মাজুলী উপ-নিৰ্বাচনৰ আজিৰ পৰা নিৰ্বাচনী অধিসূচনা জাৰি

A

নিউজ ডেস্ক:

মাজুলী উপ-নিৰ্বাচনৰ অধিসূচনা জাৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ।আজিৰে পৰা আনুষ্ঠানিক অধিসূচনা জাৰি হৈছে মাজুলীত।উল্লেখ্য যে ৭ মাৰ্চত অনুষ্ঠিত হ'ব মাজুলী উপ-নিৰ্বাচন।বিধানসভা সমষ্টিটোত নিৰ্বাচনত অৱৰ্তীন হ'ব লগা প্ৰাৰ্থীসকলে ১৭ফেব্ৰুৱাৰীৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ।১৮ফেব্ৰুৱাৰীত মনোনয়ন পৰীক্ষা আৰু ২১ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰিছে আয়োগে।গুৰুত্বপূৰ্ণ কথা এই যে ,প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত সমষ্টিটোত বিধায়কৰ পদ ত্যাগৰ পাছতে খালি হৈছিল বিধানসভাৰ আসনখন।নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে ১০মাৰ্চত অনুষ্ঠিত হ’ব ভোটগণনা।

Your Comments