১০ফেব্ৰুৱাৰীৰ ভিতৰত পৌৰ নিৰ্বাচনৰ দিন ঘোষণা হ'ব- মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক:


ৰাজ্যৰ পৌৰ সভা নিৰ্বাচনৰ দিন ১০ ফেব্ৰুৱাৰীৰ ভিতৰত  ঘোষণা কৰিব নিৰ্বাচন আয়োগে।এপ্ৰিল মাহত গুৱাহাটী পৌৰ নিগম আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব"- দিছপুৰৰ সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।এইবাৰ পৌৰ নিৰ্বাচনত কোনো দলীয় চিম্বল অবিহনে প্ৰাৰ্থী অৱৰ্তীন কৰোৱাৰ চিন্তা আছিল যদিও সেইয়া সম্ভৱ হৈ নুঠিল।নিৰ্বাচনত যোগ্য আৰু ভাল প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিবলৈ ৰাজনৈতিক দলসমূহক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
ইফালে নগৰ উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাৰ কথা অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কয়- প্ৰতি জিলাত জিলা মুখ্য কাৰ্যালয়লৈ অন্য কাৰ্যালয়সমূহ স্থানান্তৰ কৰাৰ চিন্তা কৰা হৈছে।কাৰ্যালয়সমূহ স্থানান্তৰৰ ফলত খালী হোৱা ভূমিত নগৰীকৰণৰ অন্য আন্তঃগাঁথনি নিৰ্মাণ হ’ব।উল্লেখ্য যে ৰাজ্যত ১০টা ষ্টেডিয়াম মঞ্জুৰ ইতিমধ্যে হৈছে।জিলা মুখ্য কাৰ্যালয়ত ১০০০ ব্যক্তি আৰু টাউনসমূহ ৫০০ব্যক্তি উপস্থিত হ’ব পৰা এটাকৈ প্ৰেক্ষাগৃহ নিৰ্মান হ’ব।
আনহাতে জেলসমূহ টাউনৰ ভিতৰৰ পৰা উঠাই লৈ যোৱা হ’ব।তাৰ ফলত ৪০-৫০ বিঘা ভূমি মুকলি হ’ব টাউনসমূহত।
ব্যৱসায়ীক অনুজ্ঞাপত্ৰ, হল্ডিং নাম্বাৰ, দ্বিতীয় মহলালৈ গৃহ নিৰ্মাণৰ অনুমতি এতিয়াৰ পৰা অনলাইনৰ জৰিয়তে ফ্ৰেছ লেচ হ’ব।বৰ্তমান গাড়ী শিকাৰো অনুজ্ঞাপত্ৰ ফ্রেছলেচ মাধ্যমত প্ৰদান কৰি থকা বুলিও শৰ্মাই কয়।
আনহাতে পঞ্চায়ত নিৰ্বাচনতো দলীয় চিম্বল অবিহনে প্ৰাৰ্থী অৱৰ্তীন কৰোৱা বিষয়তো বিতৰ্ক হ’ব লাগে বুলি শৰ্মাই আহ্বান জনায়।
গুৰুত্বপূৰ্ণ কথা এই যে ,মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতেই বর্তমানলৈ ৰাজ্যত ৭৬২জন PSO প্ৰত্যাহাৰ হৈছে।মুঠ ২০০০ PSO প্ৰত্যাহাৰে দুটা বেটেলিয়ন গঠন কৰা হ’ব বুলি শৰ্মাই কয়।

Your Comments