
নিউজ ডেস্ক:
শেহতীয়াকৈ পুনৰ বিধায়ক শ্বেৰমান আলীৰ কিছুমান বক্তব্যৰ আলমত একাংশ সংবাদ মাধ্যমে কেতবোৰ বাতৰি পৰিৱেশন কৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ দৃষ্টিগোচৰ হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি স্পষ্ট কৰি কয় যে বৰ্তমান শ্বেৰমান আলী এগৰাকী নিলম্বিত বিধায়ক। গতিকে তেওঁৰ কোনো বক্তব্য বা অভিমত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বক্তব্য বা অভিমত নহয়।
আজি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিজ্ঞপ্তিত এই কথাও কোৱা হৈছে যে ,বিধায়ক শ্বেৰমান আলী সম্পৰ্কত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দাঙি ধৰা বক্তব্যক প্ৰশাসনিক আৰু আইনী বক্তব্যৰ পৰিৱৰ্তে এক কুটিল ৰাজনৈতিক বক্তব্যহে ৷
- Log in to post comments
- 10 views