ৰূপজ্যোতি কুর্মীৰ বিলৈ; দেৰগাঁৱৰ মুখ্যমন্ত্ৰী সভাত NO ENTRY, ৰাজপথতে প্ৰতিবাদ

A

নিউজ ডেস্ক:

ভাৰতীয় জনতা পাৰ্টীৰ নীতি -আদৰ্শত আকৃষ্ট হৈ একে ৰাতিতে গেৰুৱা হোৱা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীৰ বিলৈ।দেৰগাঁৱত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাত প্ৰৱেশৰ অনুমতি নাপাই ৰাজপথত প্ৰতিবাদ।সভাত প্ৰৱেশৰ সময়ত বিধায়ক কুর্মীক নিয়োজিত হৈ থকা নিৰাপত্তাৰক্ষীয়ে প্ৰৱেশত বাধা প্ৰদান কৰে  তাতে ক্ষুণ্ণ হৈ প্ৰাক্তন কংগ্ৰেছী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ সভা প্ৰৱেশদ্বাৰৰ সন্মুখতে বহি প্ৰতিবাদ সাব্যস্ত কৰে ।

"মুখ্যমন্ত্ৰী নিৰাপত্তাৰক্ষীয়ে কৈছে বিধায়কৰ গাড়ী ভিতৰত সোমোৱাব নোৱাৰে।যিজনে কৈছে সেইজন নিৰাপত্তাৰক্ষীক লাগে।স্থানীয় বিধায়ক ভৱন ভঁৰালী আৰু মোক কোৱা হৈছে।কি কাৰণত সোমাব নিদিয়ে তাৰ উত্তৰ লাগে"- প্ৰৱেশদ্বাৰৰ সন্মুখত বহি কুর্মীয়ে কয়।

অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিও কি কাৰণত যাবলৈ দিয়া নহল বুলি প্ৰশ্ন কৰি কুর্মীয়ে কয়- মই ২০০৬চনৰ পৰা বিধায়ক হৈ আছোঁ কিন্তু আজিলৈ এনেকুৱা সন্মুখীন হোৱা নাই।তৰুণ গগৈকো মুখ্যমন্ত্ৰী হিচাপে পাইছিলোঁ কিন্তু এনেকুৱা পোৱা নাছিলোঁ'।

উল্লেখ্য যে বিধায়ক গৰাকীয়ে প্ৰতিবাদ কৰা দেখি একাংশ বিষয়াই বুজাবলৈ চেষ্টা কৰে যদিও বাৰে বাৰে সৈমান কৰোৱাত বিফল হয়।একাংশ বিজেপি সমৰ্থকেও বিধায়ক দুগৰাকীক অপমান কৰাত ক্ষুণ্ণ হৈ পৰে।মুখ্যমন্ত্ৰীৰ সভা ত্যাগ কৰি গুচি যাম বুলিও বিষয়াসকলক সকিয়নী প্ৰদান কৰে।

গুৰুত্বপূৰ্ণ কথা এই যে ,দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত গাঁওৰক্ষী বাহিনীৰ ৭৩সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীয়ে।উক্ত অনুষ্ঠানলৈ বিধায়ক কুর্মী আৰু ভঁৰালীয়ো গৈছিল।

আনহাতে, সতীৰ্থ বিধায়ক গৰাকীয়ে প্ৰতিবাদ কৰা বুলি সাংবাদিকে মুখ্যমন্ত্ৰী শৰ্মাক প্ৰশ্ন কৰাত কয়-মই বুজাম সকলো ঠিক হ’ব।

Your Comments