১৩বিজেপি নেতাসহ অন্য ৫ ব্যক্তি অসম প্ৰদেশ কংগ্ৰেছত যোগদান

A

নিউজ ডেস্ক:

ৰাজ্যৰ ৰাজনীতিত পুনৰ দল বাগৰা ঘটনা।শাসনাধিষ্ঠিত বিজেপি ত্যাগ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ দলত যোগদান ১৩জনকৈ বিজেপি নেতাৰ ।

গুৱাহাটী ৰাজীৱ ভৱনত দেওবাৰে আনুষ্ঠানিক ভাৱে যোগদান কৰে অধিবক্তা, নাজিৰা পৌৰ সভাৰ প্ৰাক্তন অধ্যক্ষ তথা বিজেপি শিৱসাগৰ জিলাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ কুমাৰ হাজৰিকা, নাজিৰাৰ বিজেপি সদস্য অচিন্ত শইকীয়া, উজ্জ্বল হাজৰিকা নাজিৰাৰ বিজেপি অনুসূচিত জাতি মৰ্চা টাউন মঞ্চলৰপ্ৰাক্তন সভাপতি, আব্দুল টাৰিক, বছিউৰ ৰহমান, উপেন বৰগোঁহাই, মাইন্টু ভাগৱতী, পংকজ গগৈ, পূৰ্ণ দাস, জুলফিকৰ আলি, ইমতিয়াজ আহমেদ, দ্বিজেন দাস, গুঞ্জন দত্ত।

ইয়াৰ উপৰিও অন্য পাঁচজনকৈ ব্যক্তিয়ে যোগেদান কৰে প্ৰদেশ কংগ্ৰেছত।তেওঁলোক ক্ৰমে- মুন চৌধুৰী, মুকুট কলিতা, বিশ্বজিৎ চৌধুৰী, ৰমেন দাস আৰু দ্বীপ কলিতা।

উল্লেখ্য যে যোগদান অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত থাকে।

Your Comments