মীৰাবাই চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া) পদত নিযুক্তি মণিপুৰ চৰকাৰৰ

A

B

নিউজ ডেস্ক:
অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া) পদত নিযুক্ত হ'ল ক্ৰীড়াবিদ মীৰাবাই চানু।মণিপুৰ চৰকাৰে শনিবাৰে ৰাজ্যখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদত নিযুক্তি প্ৰদান কৰে ক্ৰীড়াবিদগৰাকীক।সামাজিক মাধ্যমত এই বিশেষ মুহুৰ্তৰ ফটো শ্বেয়াৰ কৰি মীৰাবাই চানুৱে মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু ৰাজ্য চৰকাৰক দেশ আৰু জনতাৰ সেৱাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনায়।উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জনেৰে উত্তৰ-পূবৰ লগতে ভাৰতক গৌৰৱান্বিত কৰিছিল মীৰাবাই চানুৱে। 

Your Comments