নিউজ ডেস্ক:
শিক্ষা বিভাগৰ সহযোগত স্বাস্থ্য বিভাগে সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ কৰা ১৫-১৮বছৰ বয়সৰ কিশোৰ কিশোৰী, যুৱক-যুৱতীৰ ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মংগলবাৰে গুৱাহাটীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিদৰ্শন কৰে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।ক'ভিড টিকাকৰণ পৰিদৰ্শন কৰি মন্ত্ৰী পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে -সমগ্ৰ কামৰূপ মহানগৰ জিলাত ৪৫৭ খন বিদ্যালয়ত প্ৰায় ১ লাখ ছাত্ৰ ছাত্ৰী আছে।১০দিনৰ ভিতৰত ছাত্ৰ -ছাত্ৰীৰ মাজত সম্পন্ন কৰা হ'ব প্ৰতিষেধক প্ৰদান।
আনহাতে কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চি.বি.ৰায়ে কয় প্ৰথম দিনটোত অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হোৱা টীকাকৰণ আজি সামৰণি পৰিব।বিদ্যায়ত ১৫বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী মুঠ ৩১৬গৰাকী।প্ৰথম দিনা ৯১গৰাকীয়ে গ্ৰহণ কৰে প্ৰতিষেধক আৰু মঙলবাৰে ১৭১গৰাকীয়ে ভেকচিন গ্ৰহণ কৰে।
- Log in to post comments
- 6 views