সংক্ষিপ্ত খবৰ

gl

# নিৰ্ভয়াৰ ধৰ্ষণ-হত্যাকাণ্ডত জড়িতসকলৰ ফাঁচিৰ হুকুম বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়খনৰ চূড়ান্ত ৰায়দানৰ লগে লগে কেউজন অপৰাধীৰে ফাঁচি নিশ্চিত হৈ পৰিল।

#হাৰিয়ানাৰ বিজেপি নেতা ৰাজকুমাৰ ছৈনীৰ দাবী- আসন্ন নিৰ্বাচনত বিজেপিৰ ৯০% নেতা পৰাজিত হ'ব। বিজেপিৰ কোনো আদৰ্শ নাই আৰু নীতিও শুদ্ধ নহয়।

# ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলে। ন্যায়াধীৰণখন গঠন কৰা হৈছিল ২০১০ চনত।

# বানত বিধ্বস্ত হৈ পৰিছে দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাই। ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰখনৰ বাট-পথসমূহ জলমগ্ন, শিক্ষানুষ্ঠানসমূহো বন্ধ হৈ পৰিছে।

# উত্তৰ প্ৰদেশৰ নয়ডাত বিশ্বৰ বৃহত্তম মোবাইল ফোন নিৰ্মাণ কাৰখানা উদ্বোধন। ছেমচাঙৰ উদ্যোগটো মুকলি কৰে ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে।

# অসমত শিক্ষিত নিবনুৱাই সংস্থাপনৰ অভাৱত হাহাকাৰ কৰি থকাৰ সময়তো বিভিন্ন বিভাগত খালী হৈ আছে বহুসংখ্যক পদ। কেৱল শক্তি বিভাগতে পূৰণ কৰিবলৈ বাকী ৫,২০০টা পদ।

# উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে আবণ্টিত ৪,৫০০ কোটি টকাৰ সঠিক প্ৰয়োগৰ আহ্বান ৰাজনাথ সিঙৰ।পূৰ্বোত্তৰৰ শিক্ষাৰ্থীৰ বাবে দিল্লীৰ দ্বাৰকা, ৰোহিণী আৰু বাগালুৰুত ছাত্ৰাবাস নিৰ্মাণৰ কথাও প্ৰকাশ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ।

# গুৱাহাটীক চীনৰ কুনমিং চহৰৰ দৰে গঢ়ি তুলিবলৈ উত্তৰ-পূব উন্নয়ন দপ্তৰক আহ্বান অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ।

# ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ ১০খন জিলাত বান পৰিস্থিতিৰ অধিক অৱনতি। লক্ষাধিক লোক ক্ষতিগ্ৰস্ত।

# চাৰিলে'নযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ হেমাহি। এজাক বৰষুণ আহিলেই বন্ধ হৈ পৰে যোৰাবাট আৰু সোণাপুৰ পাটৰকুছিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

Your Comments