নিউজ ডেস্ক:
গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছে অনুষ্ঠিত কৰা 'আকৌ প্ৰভাত হ'ব' শীৰ্ষক প্ৰশিক্ষণ শিবিৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছ দলক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘কংগ্ৰেছে যিমান প্ৰগ্ৰেম কৰে কৰি থাকক, ভাল কথা । প্ৰগেম কৰিলে অৰ্থনৈতিক অৱস্থা টনকিয়াল হয় । মাইক, টেণ্ট, হোটেল আদিৰ বাবদ খৰচ হয় । তাৰ বাবে সেই লোকসকলে পইচা পায় । গতিকে হুলস্থূল নোহোৱাকৈ যিমান অনুষ্ঠান পাতে পাতক, ভাল কথা’’ ৷
আনহাতে, গো সুৰক্ষা আইনখনৰ সংশোধনীৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে আইনখনৰ কেতবোৰ সংশোধন কৰিবলগীয়া আছে । চোৰাং গৰু ধৰা পৰিলে আগতে গৰু জব্দ কৰা হৈছিল । কিন্তু এতিয়া গৰু কঢ়িয়াই অনা গাড়ীখনো জব্দ কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ'ব ।
- Log in to post comments
- 10 views