নিউজ ডেস্ক:
পুনৰ এ আই উ ডি এফলৈ যাব বিধায়ক শ্বেৰমান আলী ৷ বৰপেটা আৱৰ্ত ভৱনত শ্বেৰমান আলীক শৰাই, গামোচাৰে আদৰণি জনায় AIUDF ৰ বৰপেটা জিলা
সমিতিয়ে ৷ উল্লেখ্য যে , বাঘবৰৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্ৰেছ ত্যাগ কৰাতো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে । ইতিমধ্যে AIUDF ৰ সৈতে কথা-বতৰা চলি থকা বুলিও জানিব পৰা গৈছে ৷ অহা ২৪ ডিচেম্বৰত আজমল অসমলৈ আহিব আৰু তাৰপিচতেই AIUDF ত আনুষ্ঠানিকভাৱে যোগদানৰ কথা আগবাঢ়িব ৷
আনহাতে ,যোৱা ১৬ ডিচেম্বৰত গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কয় যে, "যদি নিজৰ ধৰ্ম আৰু সম্মান বিক্ৰী কৰিব বিচাৰিছে তেনেহ'লে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে । বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্ৰেছ দল ত্যাগ কৰিব বিচৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তিও নাই, অসুবিধাও নাই’’ ।
- Log in to post comments
- 8 views