শংকৰদেৱৰ জন্ম মহোৎসৱ উপলক্ষে কাইলৈ মহানগৰীত বন্ধ থাকিব সুৰা বিপণী

শংকৰদেৱৰ জন্ম মহোৎসৱ উপলক্ষে কাইলৈ মহানগৰীত বন্ধ থাকিব সুৰা বিপণী

কাইলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱৰ বাবে মহানগৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নির্দেশ ।

কাইলৈ দিনটোত জিলাখনত থকা সকলো সুৰা বিপণী বন্ধৰ নিৰ্দেশ দিছে কামৰূপ (ম) উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে ।

চৰকাৰী অনুজ্ঞাপত্ৰ থকা দেশী-বিদেশী সকলো সুৰা বিপণী বন্ধ থাকিব বুধবাৰৰ দিনটোত ।

অসম আৱকাৰী বিধি ২০১৬, ৩২৬ (৪)ৰ অধীনত জাৰি কৰা হৈছে এই নির্দেশ ।

এই নির্দেশ অমান্য কৰি কোনো ব্যক্তিয়ে যদি কাইলৈ সুৰা বিপণী খোলা ৰাখে তেন্তে আইনগত ব্যৱস্থা ল'ব বুলিও জনাইছে উপায়ুক্তগৰাকীয়ে ।

Your Comments