মাটি দালালক গ্ৰেপ্তাৰৰ দাবীত নুনমাটি থানা ঘেৰাও 'সাহসী'ৰ

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ মেগজিনৰ চৰকাৰী ভূমি দখলী চৰ্তৰ দ্বাৰা দৰিদ্ৰ জনতাক ভয় ভাবুকি দেখুৱাই বিক্ৰী কৰি অহা মাটিৰ দালালক গ্ৰেপ্তাৰৰ দাবীত নুনমাটি থানা ঘেৰাও 'সাহসী' নামৰ এটা বে -চৰকাৰী সন্থাৰ।মাটিসমূহ বিক্ৰীৰে জড়িত দালালৰ ফটো প্ৰদৰ্শন কৰি আৰক্ষীক গ্ৰেপ্তাৰৰ দাবী জনায়।

উল্লেখ্য যে কুৰিৰো অধিক সংখ্যক মাটি দালাল ইয়াত জড়িত থকাৰ বুলি অভিযোগ তোলে সাহসীৰ সভানেত্ৰী তৃষ্ণা নাথে।নুনমাটি আৰক্ষী থানাই বহুকেইজন মাটি দালালক পূর্বতে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বহুকেইজন দালাৰ বিৰূদ্ধে অভিযোগ দিয়াৰ পাছতো গ্ৰেপ্তাৰ নকৰা বুলি কয়।

সাহসী নামৰ সংগঠনটোৰ দাবী মাটি  দালালসকলে ভূমিৰ গৰাকীক নিজ মাটিলৈ গলে বাধা আৰোপ কৰাৰ লগতে আক্ৰমণ কৰিবলৈ খেদি অহা বুলিও তেওঁ কয়।

ইফালে শুকুৰবাৰে আৰক্ষী থানা ঘেৰাও কৰি মাটিৰ দালালসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনায় স্মাৰক পত্ৰ প্ৰদান কৰে আৰক্ষীক।

Your Comments

Related Articles