গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আশীৰ্বাদ অনুষ্ঠান

A

নিউজ ডেস্ক:


গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আশীৰ্বাদ অনুষ্ঠানৰ শুভাৰম্ভনি। যিসকল কাৰাবাসীৰ সন্তানে অহা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা আৰু চিবিএছচিৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকল শিক্ষাৰ্থীক উৎসাহিত আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্যৰে এই আশীৰ্বাদ অনুষ্ঠানৰ আয়োজন কৰা হয়। 

শুকুৰবাৰে শুভাৰম্ভনি কাৰ্যসূচীত কাৰাগাৰ মহাপৰিদর্শক বৰ্ণালী শৰ্মাই আশীৰ্বাদ অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য বিস্তৃত ৰূপত দাঙি ধৰে।কাৰাবাসীৰ সন্তানসকলক আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনায় বিষয়া গৰাকীয়ে।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আজিৰ অনুষ্ঠানত  কাৰাবাসী ৰাজু চন্দই পৰিৱেশন কৰে এটা গীত।

অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে অসম চৰকাৰ গৃহ বিভাগৰ প্ৰধান  সচিব নীৰজ বাৰ্মাই।অনুষ্ঠানৰ শুভাৰম্ভ কৰি কয়-এই অনুষ্ঠানৰ আয়োজন সমাজৰ বাবে এক উল্লেখযোগ্য অৱদান হ'ব।কাৰাবাসীৰ সন্তান সকলে শিক্ষা লাভ কৰা আৰু নিজক ভাল মানুহ হিচাপে পৰিগণিত কৰাত এক সুন্দৰ নিদৰ্শন দাঙি ধৰিব বুলি ভাষণত কয়।শিক্ষাৰ্থীসকলক পৰীক্ষাৰ সময়ত কেনেদৰে অধ্যয়ন কৰিলে ভাল ফলাফল পোৱা যায় তাৰো বিস্তৃত ব্যাখ্যা দাঙি ধৰে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি কাৰাবাসীৰ শিক্ষাৰ্থী-সন্তানক কিতাপ, কাগজ, কলম ,বেগৰ লগতে আৰু কিছু প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলাৰে আদৰণি জনোৱা হয়।

অনুষ্ঠানত কাৰাগাৰ উপ-মহা পৰিদৰ্শক দিলীপ শইকীয়া, প্ৰদীপ কুমাৰ ব্ৰহ্ম, এ আই জি নৱজ্যোতি শৰ্মাই শিক্ষাৰ্থীসকলক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। 

অনুষ্ঠানত কাৰাৰুদ্ধ মোহিত হোজাই আৰু যুৱৰাজ কলিতাই কৰ্তৃপক্ষৰ এই পদক্ষেপক প্ৰশংসা কৰে আৰু নিজৰ সন্তানক আজি ওচৰতে পাই আবেগিক হোৱা বুলি ব্যক্ত কৰে।আশীৰ্বাদ অনুষ্ঠানত উপস্থিত থকা সন্তান সকলেও আবেগিক হৈ মনৰ ভাৱ প্ৰকাশ কৰে আৰু কাৰাগাৰ বিভাগৰ এই ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসা কৰে।

Your Comments

Related Articles