ৰাফেল কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত মহানগৰ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ৰাফেল কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত মহানগৰ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

বিজেপি চৰকাৰৰ দ্বাৰা "ৰাফেল যুদ্ধ বিমান ক্ৰয় কেলেংকাৰী"ৰ প্ৰতিবাদত আজি গুৱাহাটী মহানগৰ কংগ্ৰেছ কমিটীয়ে এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ৷

পুৱা ১১.৩০ বজাত মেঘদূত ভৱনৰ সন্মুখত ৰূপায়ণ কৰাএই ধৰ্ণাত অংশগ্ৰহণ কৰে কংগ্ৰেছ দলৰ বহুকেইগৰাকী নেতা আৰু তৃণমূল পৰ্যায়ৰ কর্মীসকলে ।

ভাল দিনৰ কথা কৈ, দুৰ্নীতিৰ দিশত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিম বুলি জনসাধাৰণক কথা দিয়া মোডী চৰকাৰখনে জনসাধাৰণৰ চকুত ধূলি মাৰি ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ নামত যি ভয়ংকৰ দুৰ্নীতি কৰিছে তাৰ উচিত বিচাৰৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

লগতে তেওঁলোকে বিজেপি চৰকাৰখনক মিছলীয়া বুলিও আখ্যা দি কয় যে এই চৰকাৰখনে কেৱল পুঁজিপতিক সুৰক্ষা দিয়াৰ ওপৰতহে গুৰুত্ব দিয়ে । প্ৰতিবাদকাৰীসকলে কেলেংকাৰীৰ উচিত তদন্ত বিচাৰি জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এক স্মাৰক-পত্ৰও প্ৰেৰণ কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি কুশল কুমাৰ শৰ্মা প্ৰমুখ্যে কংগ্রেছৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে ।

Your Comments