সুবোধ বিশ্বাসৰ জামিন মঞ্জুৰ

সুবোধ বিশ্বাসৰ জামিন মঞ্জুৰ

২০১৭ চনৰ ৬ মাৰ্চত চিলাপথাৰ আছু কাৰ্যালয় লণ্ডভণ্ড কৰা মূল নায়ক সুবোধ বিশ্বাসৰ জামিন মঞ্জুৰ । 

গুৱাহাটী উচ্চ ন্যায়ালয়ে   মঞ্জুৰ কৰিলে জামিন । ন্যায়াধীশ মীৰ আলফাজাৰ আদালতে আজি দিনৰ ১২ বজাত মঞ্জুৰ কৰে বিশ্বাসৰ জামিন ।

উল্লেখ্য যে চিলাপথাৰ আছু কাৰ্যালয় লণ্ডভণ্ডৰ লগতে সংগীত সূৰ্য ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰো অপমান কৰিছিল বিশ্বাসে ।

তাৰ পাছতেই অভিযুক্তগৰাকীক কলকাতাৰ ২৪ পৰাগণা জিলাৰ পৰা সেই সময়ৰ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাইৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰিছিল মূল অভিযুক্তগৰাকীক ।

Your Comments