নিউজ ডেস্ক:
বিশ্বত অমিক্ৰণৰ ভয়াৱহতাই সৃষ্টি কৰিছে বিপদৰ আশংকা।ৰাজ্যত অমিক্ৰণ যাতে বিয়পিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে জাৰি কৰিছে এছঅ'পি।ইফালে অমিক্ৰণৰ বিৰুদ্ধে যুঁজ দিবলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতাল সাজু হৈ থকা বুলিও অধীক্ষক অভিজিৎ শৰ্মাই কয়।সৰুসজাই ক'ভিড হস্পিতাল সাজু হৈ আছে।প্ৰয়োজন হ'লে ব্যৱহাৰ কৰিম।
'কভিড এতিয়াও আছে।মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰিবই লাগিব'- শৰ্মাই কয়।
ইফালে ভাৰতত অমিক্ৰণত ১৭ জন আক্রান্ত ধৰা পৰা সন্দৰ্ভত শৰ্মাই কয়- জ্বৰ-কাহ, দুৰ্বলতা ইয়াৰ লক্ষণ।
ইফালে ভেকচিন গ্ৰহণ কৰিও ক'ভিডত আক্রান্ত হোৱা সন্দৰ্ভত অধীক্ষক গৰাকীয়ে কয়- ক'ৰনাত আক্রান্ত প্ৰায় ১০হাজাৰ ৰোগীৰ ওপৰত জিএমচিএইছে পৰীক্ষা চলাইছিল।পৰীক্ষাত ভেকচিন নোলোৱা ৮৫% ৰোগী মৃত্যু হোৱা তথ্য আহিছিল।
ক'ভিড ভেকচিন ল'লে মৃত্যুৰ হাৰ বহু কমি যায়।তাৰ বাবে সকলোকে ভেকচিন লোৱাৰ আহ্বান অধীক্ষক গৰাকীৰ।
অমিক্ৰণৰ পৰা শিশু সকলক সুৰক্ষিত ৰাখিবলৈ অভিভাৱক সকলৰ প্ৰতি বিশেষ আহ্বান অধীক্ষক শৰ্মাৰ।বিনা কাৰণত বাহিৰলৈ নিনিব শিশুসকলক।ভেকচিন শিশুসকলক প্ৰদান কৰা হোৱা নাই।পিকনিকলৈ নাযাবলৈও আহ্বান শৰ্মাৰ।ক'ভিড প্ৰট'ক'ল মানি বিয়া সমাৰোহ আয়োজন কৰাৰ আহ্বান ৰাজ্যবাসীক।
- Log in to post comments
- 54 views