নিউজ ডেস্ক:
গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কনিষ্ঠ চিকিৎসক সন্থাই আজিৰে পৰা সাব্যস্ত কৰিছে প্ৰতিবাদ।নি'ট(NEET) পৰীক্ষাৰ কাউন্সিলিং প্ৰক্ৰিয়াত বিলম্ব হোৱাৰ প্ৰতিবাদত কনিষ্ঠ চিকিৎসকসকলে সাৱ্যস্ত কৰিছে প্ৰতিবাদ।জিএমচিএইচৰ অধীক্ষক কাৰ্যালয়ৰ সন্মুখত সোমবাৰে পুৱাৰ পৰা সাব্যস্ত কৰিছে প্ৰতিবাদ।এই প্ৰতিবাদৰ সময়ত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য চিকিৎসাসেৱা বন্ধ ৰখাৰ কথা ঘোষণা প্ৰতিবাদী চিকিৎসক সকলৰ।
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা কনিষ্ঠ চিকিৎসকসকলে নি'ট কাউঞ্চিলিং প্ৰক্ৰিয়া শীঘ্ৰে সম্পন্ন কৰাৰ দাবীত সমগ্ৰ দেশৰ কণিষ্ঠ চিকিৎসকৰ সৈতে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কোনো ফল লাভ কৰা নাই চিকিৎসকসকলে।প্ৰতিবাদত অংশগ্ৰহণ কৰি কনিষ্ঠ চিকিৎসক সন্থাৰ সভাপতি অচিণ্ট পেগুৱে কয়।যেতিয়ালৈ তেওঁলোকৰ দাবী পূৰণ নহব তেতিয়ালৈ কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদ চলাই নিয়াৰ হুংকাৰ।
ইফালে চিকিৎসকসকলৰ আজিৰ প্ৰতিবাদৰ পূৰ্বে জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই কনিষ্ঠ চিকিৎসকৰ বিৰুদ্ধে গৰজি উঠে। প্ৰতিবাদস্থলীত উপস্থিত হৈ কনিষ্ঠ চিকিৎসকসকলক ধমকি দিয়ে।
- Log in to post comments
- 8 views