নিউজ ডেস্ক:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সাগৰকুছি মিনি ষ্টেডিয়ামত অনুষ্টিত হৈ থকা ৩৩ সংখ্যক পি বি এছ এ ট্ৰফী ফুটবল প্ৰতিযোগিতা খনৰ আজি বিয়লী ৩ বজাত অনুষ্ঠিত হোৱা ফাইনেল খেলখনত ৰঙিয়া এফ চিয়ে মনিপুৰ এফ চিক হৰুৱাই চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। খেলখন গ'ল শূণ্য ভাৱে সমাপ্ত হোৱাত ট্ৰাইবেকাৰৰ সহায়ত ফলাফল নিৰ্ধাৰণ কৰিবলগীয়া হয়। সেই মৰ্মে ৰঙিয়াই মনিপুৰক ৬-৫ গ'লত পৰাস্ত কৰে। শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় মনিপুৰ এফ চি দলৰ দ্বিজেন সিং। খেল পৰিচালনা সমিতিৰ সভাপতি হিতেশ ব্ৰহ্ম আৰু উদয়ন সংঘৰ সভাপতি জিতু কলিতাই আত ধৰা চুড়ান্ত খেলখন উদ্ধোধন কৰে পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। উপস্থিত থাকে বিশিষ্ট অভিনেতা দিলীপ কুমাৰ দাস। বঁটা বিতৰণী সভাখন সঞ্চালনা কৰে নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ত্ৰিকেন দাসে। অতিথি হিচাপে উপস্থিত থাকে ক্ৰীড়া সংগঠক বাবুল বসুমতাৰী, বনভাগ খাতা দিহজাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহেশ বৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যাক্তি সকল।
- Log in to post comments
- 8 views