নিউজ ডেস্ক:
গুৱাহাটীৰ চান্দমাৰীস্হিত অলংকাৰ হোটেলৰ স্বত্বাধিকাৰী তথা অতি সফল ব্যৱসায়ী অভিজিৎ গোস্বামীয়ে কৰোণাকালীন আৰ্থিক ক্ষতি সহ্য কৰিব নোৱাৰি আত্মহনন কৰে।হোটেলৰ কোঠাতে চিপ লোৱা অৱস্হাত উদ্ধাৰ হৈছে গোস্বামীৰ মৃতদেহ ।
উল্লেখ্য যে ,এসময়ৰ গুৱাহাটীৰ ভিতৰতেই ধুনীয়া, দেখিবলৈ ইউৰোপীয়ান চাহাবৰ নিচিনা শংকুদা নামেৰে পৰিচিত ব্যক্তিজনৰ মৃত্যুত অত্যন্ত ব্যথিত হৈছে তেখেতৰ পৰিচিত তথা গুণমুগ্ধ লোক সকল।
তেওঁ ব্যৱসায়ৰ লগতে ভাস্কৰ্য্য শিল্পতো
আগ্ৰহী আছিল।
- Log in to post comments
- 19 views