গুৱাহাটীত জনসচেতনতা বাইক ৰেলী

A

B

নিউজ ডেস্ক:
পথ দুর্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ৰাইজৰ মাজত ব্যাপক জনসচেতনতা সৃষ্টিৰ যি উদ্দেশ্য, তাৰ প্ৰতি সন্মান জনাই মাননীয় পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী দেৱৰ নিৰ্দেশ মৰ্মে আজি পুৱা "অসম ক্ৰীড়া, সাংস্কৃতিক আৰু যুৱ বিকাশ সন্থা" আৰু "সৃজন"ৰ উদ্যোগত, কামৰূপ (মহানগৰ) জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত আয়োজন কৰা হয় "জনসচেতনতা বাইক ৰেলী"ৰ। উল্লেখ্য যে , পুৱা ৯বজাত চান্দমাৰী উৰণীয়া সেতুৰ তলৰ পৰা আয়োজন কৰা এই কাৰ্যসূচীত অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া আৰু সুনীল ডেকাৰ লগতে পৰিবহণ বিভাগৰ আৰু কাৰ্যসূচীৰ উদ্যোগ লোৱা ব্যক্তিসকলৰ সৈতে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসো উপস্থিত থাকে ।
উক্ত অনুষ্ঠানটিত পথ সজাগতা, হেলমেটৰ প্ৰয়োজনীয়তা আৰু যান-বাহন আইন সন্দৰ্ভত ৰাইজক অৱগত কৰাৰ চেষ্টা কৰাৰ লগতে গুৱাহাটীৰ পৰা সোণাপুৰলৈ উলিওৱা বাইক ৰেলীৰ ফ্লেগ অফ কৰা হয় । 

Your Comments

Related Articles