জিএমচিএইচত সুৰামত্ত চিকিৎসকৰ উদ্ভণ্ডালি

জিএমচিএইচত সুৰামত্ত চিকিৎসকৰ উদ্ভণ্ডালি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সুৰাপায়ী চিকিৎসকৰ গুণ্ডাগিৰি । সুৰাপান কৰি ৰোগীক প্ৰহাৰ অৰ্জুন খাকলাৰী নামৰ চিকিৎসকগৰাকীৰ ।

অভিযোগ অনুসৰি সোমবাৰে বিয়লি চিকিৎসকগৰাকীয়ে সুৰামত্ত অৱস্থাত আই চি ইউৰ ভিতৰত প্ৰৱেশ কৰি উদ্ভণ্ডালি চলায় ৷

আনহাতে, ৰোগীৰ মুখৰ পৰা অক্সিজেনৰ মুখা খুলি দিয়াৰো অভিযোগ উত্থাপন হৈছে চিকিৎসকগৰাকীৰ বিৰুদ্ধে ।

উক্ত ঘটনাৰ পিছতেই চিকিৎসা মহাবিদ্যালয়খনত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । ইতিমধ্যে ভঙাগড় আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত চিকিৎসকগৰাকীক ।

সম্প্ৰতি ভঙাগড় আৰক্ষী থানাত চিকিৎসকগৰাকীৰ পৰা ঘটনাৰ প্ৰকৃত ৰহস্য উদ্‌ঘাটন কৰিবলৈ আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনত পূৰ্বতেও কেইবাজনো চিকিৎসকৰ বিৰুদ্ধে সুৰাপান কৰি ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

Your Comments