নিউজ ডেস্ক:
ভোটকেন্দ্ৰ অনুযায়ী থকা ভোটাৰ সকলৰ মাজত ইচ্ছা আৰু অনিচ্ছা কৃত ভাৱে ৰৈ যোৱা লোক সকলে যাতে ভেকচিন গ্ৰহন কৰে তাৰ নিশ্চয়তা প্ৰদানৰ হেতু "হৰ ঘৰ দস্তক" অভিযানত ইংৰাজী ২৯ নৱেম্বৰৰ ২০২১ চনৰ পৰা গাৱে চহৰে নামি পৰিছে হোজাই জিলা প্ৰশাসন। এই অভিযান ৫ ডিচেম্বৰলৈকে অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু লগতে জানিবলৈ দিয়ে যে যদি কোনো লোকে ইয়াৰ পিছতো ভেকচিন গ্ৰহন বাবে অমান্তি হয় তেনেহলে চৰকাৰী সা- সুবিধাৰ পৰা বঞ্চিত হোৱাৰ উপৰিও বিদ্যুৎ কৰ্তন কৰা হ'ব ।
এই অভিযান কালত উপায়ুক্ত গৰাকীৰ লগত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰা, হোজাই মহকুমা স্বাস্থ্য বিষয়া হাৰজগিন্দৰ সিং , নাৰ্ছ ,স্বাস্থ্য কৰ্মী আৰু বিদ্যুৎ বিভাগৰ লোক সকল।
- Log in to post comments
- 7 views