ভাৰত পালেহি অমিক্ৰণ,কৰ্ণাটকত দুজন আক্ৰান্ত

A


নিউজ ডেস্ক:
ভাৰতত প্ৰৱেশ কৰিছে কৰ’ণাৰ নতুন ভেৰিয়েন্ট কৰ’ণাৰ অমিক্ৰণে৷ কৰ্ণাটকত দুজনকৈ লোক আক্ৰান্ত হৈছে কৰ’ণা মহামাৰীৰ এই নতুন প্ৰকাৰত ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লৱ আগৰৱালে জনাইছে যে, দেশত এতিয়ালৈকে কৰ’ণাৰ নতুন প্ৰকাৰ অমিক্ৰণৰ দুটা ঘটনা পোৱা গৈছে । এই দুয়োটা ঘটনা কৰ্ণাটকৰ বুলি জানিব পৰা গৈছে । ইয়াৰ পিছতে, বিশ্বৰ 29 খন দেশত কৰ’ণা মহামাৰীৰ নতুন প্ৰকাৰত আক্ৰান্ত লোকৰ সংখ্যা 373 গৰাকী লৈ বৃদ্ধি হৈছে ।
উল্লেখযোগ্য যে, কৰ’ণাৰ নতুন প্ৰকাৰ অমিক্ৰণে সমগ্ৰ বিশ্বতে উদ্বেগ বৃদ্ধি কৰিছে । বিশ্বৰ বিভিন্ন দেশত য'ত য’ত মহামাৰীৰ ঘটনা প্ৰতিবেদিত হৈছে, এইটোও দেখা গৈছে যে ভেকছিনৰ দুয়োটা পালি লোৱো লোকৰ দেহতো এই ভাইৰাছ সংক্ৰমিত হৈ আছে বুলি জানিব পৰা গৈছে ।

Your Comments