মৰিগাঁৱত এশ শতাংশ ভেকচিন প্ৰদানৰ লক্ষ্য জিলা প্ৰশাসনৰ

A

নিউজ ডেস্ক:
 চৰকাৰৰ নিৰ্দেশনা অনুসৰি মৰিগাঁও জিলাৰ প্ৰতিজন নাগৰিকক কৰ'ণা ভেকচিন প্ৰদানৰ লক্ষ্যপ্ৰাপ্তিত  উপনীত কৰাবলৈ জিলাখনৰ সকলো শ্ৰেণীৰ নাগৰিকৰ পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই। আজি এই সন্দৰ্ভত জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এক সংবাদমেলত কয় কাইলৈৰ পৰা ৫ ডিচেম্বৰৰ ভিতৰত জিলাখনৰ ৯০৫ টা  ভোট গ্ৰহণ কেন্দ্ৰত চলিব  ভেকচিন প্ৰদানৰ বিশেষ অভিযান। যিসকল লোকে এতিয়াও জিলাখনত প্ৰথম পালি ভেকচিন গ্ৰহণ কৰা নাছিল তেওঁলোকৰ ক্ষেত্রত বিগত ৮ নবেম্বৰৰ পৰা ২১ নবেম্বৰলৈ চলোৱা এক জৰীপৰ আধাৰত চিনাক্ত কৰা হৈছে। জিলাখনত ১৮ হাজাৰতকৈ অধিক লোকে বিশেষ কাৰণ বশত এতিয়াও প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিবলৈ বাকী থকা তথ্য সদৰি কৰি এই লোকসকলক আগন্তক এসপ্তাহৰ ভিতৰত প্ৰথম পালি ভেকচিন প্ৰদানৰ জৰিয়তে  জিলাখনত এশ শতাংশ নিশ্চিত কৰা হব। বৰ্তমান সময়ত ভেকচিন গ্ৰহণ কৰাটো অতিকৈ জৰুৰী বুলি মন্তব্য কৰি উপায়ুক্ত গৰাকীয়ে এই ক্ষেত্ৰত প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিবলৈ বাকী থকা লোক সকলক চিনাক্ত কৰি ভেকচিন প্ৰদান  কৰাত পূৰ্ণ সহযোগীতা আগবঢ়াবলৈ সকলো শ্ৰেণী ৰাইজৰ প্ৰতি আহ্বান জনাই। অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস,ৰিংখাং মুছাহাৰী,মহকুমা বিষয়া মৃনাল বৰা,স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডা০ নবীন ভূঞা, এন আৰ এইচ এমৰ ডিপিএম জুফিন চুলতানাকে আদি কৰি জিলা প্ৰশাসনৰ মুৰব্বী বিষয়া সকলে অংশ গ্ৰহণ কৰা সংবাদমেলত জিলাখনত তিনি লক্ষাধিক লোকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা বুলি সদৰি কৰে উপায়ুক্ত গৰাকীয়ে ।

Your Comments