কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হ’ল গোৱালপাৰা সৈনিক স্কুলক

A

নিউজ ডেস্ক:
দীৰ্ঘদিনীয়া  বিৰতিৰ অন্তত ৰাজ্যৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ হোৱাৰ  লগে লগেই পুনৰ দেখা দিছে ক’ভিডৰ সংক্ৰমণ৷ । শেহতীয়াকৈ, গোৱালপাৰা সৈনিক স্কুলৰ ছাত্ৰ আৰু শিক্ষকৰ দেহতো  ধৰা পৰিছে ক’ভিড ৷
উল্লেখ্য যে ,২৫ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈকে সৈনিক স্কুলৰ ২৭ গৰাকী ছাত্ৰ আৰু ২ গৰাকী শিক্ষক ক’ভিডত আক্ৰান্ত হোৱাৰ উপৰি যোৱা ১৫ নৱেম্বৰত সৰ্বাধিক ১৩ গৰাকী ছাত্র আৰু শিক্ষক আক্ৰান্ত হোৱাত ১৬ নৱেম্বৰৰ আবেলিৰ পৰা গোৱালপাৰা সৈনিক স্কুলক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে স্বাস্থ্য বিভাগে । বিদ্যালয়খনত ২৭ গৰাকী ছাত্র আৰু ২ গৰাকী শিক্ষক আক্ৰান্ত হলেও ইয়াৰে ১৫ গৰাকী ছাত্র আৰু ১ গৰাকী শিক্ষক সুস্থ হৈ উঠিছে ।
বাকী ১২ গৰাকী ছাত্র আৰু ১ গৰাকী শিক্ষক এতিয়াও গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন অৱস্থাত আছে । ইতিমধ্যে বিদ্যালয়খনত অফ লাইন পাঠদান বন্ধ কৰি অনলাইন পাঠদান আৰম্ভ কৰিছে ।
ইফালে, স্বাস্থ্য বিভাগে জনোৱা মতে ,বুধবাৰৰ দিনটোত জিলাখনত নতুনকৈ আক্ৰান্ত হৈছে১৪ গৰাকী লোক ৷

Your Comments