নিউজ ডেস্ক:
২০২২বৰ্ষৰ ৫ জানুৱাৰীত প্ৰকাশ পাব লগা চূড়ান্ত ভোটাৰ তালিকাৰ পৰিশুদ্ধতা প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাত ভোটাৰ তালিকাৰ খচৰাৰ পুনৰীক্ষণ তথা সংশোধনৰ ক্ষেত্ৰত ব্যাপক উদ্যোগ।জিলাখনত অহা ২১নৱেম্বৰ আৰু ২৭ নৱেম্বৰত গ্ৰহণ কৰা বিশেষ অভিযানৰ লগত সংগতি ৰাখি সোমবাৰে বি.বৰুৱা মহাবিদ্যালয়ৰ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এখন সভাত মুখ্য অতিথি হিচাপে ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া ইমলী বৰুৱাই অংশগ্ৰহণ কৰে।অতিৰিক্ত উপায়ুক্ত ড৹ ধ্ৰুৱ হাজৰিকা, কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়া ভাস্কৰজ্যোতি কলিতা , বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সত্যেন্দ্ৰ নাথ বৰ্মন , উপাধক্ষ্য ড° মাইনা শৰ্মা আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সভাত যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে খচৰা ভোটাৰ তালিকা সংশোধন আৰু ন ভোটাৰ নাম অন্তৰ্ভুক্তিকৰণৰ বিষয়ত বিস্তৃতভাৱে আলোকপাত কৰে।বিশেষ সভাখনত ভাষণ প্ৰদান কৰি সকলো ভোটাৰকে ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু ১৮ বছৰ সম্পূৰ্ণ হোৱা ব্যক্তিসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়।ভোটাৰ তালিকাৰ সংশোধন বা নাম অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত অনলাইন বা অফলাইন পদ্ধতি ব্যৱহাৰ কৰিবলৈ তেওঁ জনসাধাৰণক আহ্বান জনায়।
ভোটাৰ তালিকাৰ খচৰা সংশোধনীৰ সৈতে সংগতি ৰাখি এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় অনুষ্ঠানত।
উল্লেখ্য যে ১নবেম্বৰৰ পৰা ৩০ নবেম্বৰলৈকে ভোটাৰ তালিকা সংশোধন কৰাৰ সময়সীমা। সকলো পোলিং ষ্টেচনত গৈ বুথ লেভেল অফিচাৰৰ ওচৰত দিব পাৰিব ওজৰ আপত্তি। অনলাইন যোগেও দাখিল কৰিব পাৰিব আৱেদন।
- Log in to post comments
- 10 views