ছন অফ দ্যা চয়েল ২০-২১ বঁটা গ্ৰহণ কৰি উজলিল ৰাজ্যৰ কেইবাজনো ভূমিপুত্র

A

B

 

C

D

E

F

 

নিউজ ডেস্ক : অসমৰ অগ্ৰণী সামাজিক অনুষ্ঠান (ট্ৰাষ্ট) কেয়াৰ লুইতৰ উদ্যোগত যোৱা শনিবাৰে  গুৱাহাটীৰ হোটেল তাজ ভিভান্টাত বিগত বছৰ সমূহৰ দৰে এইবাৰো ৰাজ্যখনৰ বহুকেইজন বিশিষ্ট ব্যক্তিক "ছন অফ দ্য ছয়েল২০২০-২১" বঁটা প্ৰদান কৰা হয়। গুৰুত্বপূৰ্ণ কথা এই যে , কেয়াৰ লুইত অনুষ্ঠানে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত উজলি উঠা বহু  প্ৰতিভাক ২০১৬ চনৰ পৰাই এই বঁটা প্ৰদান কৰি আহিছে।  সাহিত্য-সংস্কৃতি,ক্ৰিয়া সমাজসেৱা, সাংবাদিকতা, প্ৰকৃতি তথা জীৱ জগতৰ কল্যাণৰ হকে নীৰৱে সেৱা আগবঢ়াই যোৱা একাংশ যুৱ তথা খিলঞ্জীয়া লোকক নিৰ্বাচন কৰি তেওঁলোকক উৎসাহ প্ৰদানৰ অৰ্থেই অনুষ্ঠানটোৱে আগবঢ়াই আহিছে এই বিশেষ বঁটা। মূলতঃ  ৰাজ্যৰ খিলঞ্জীয়া যুৱ প্ৰতিভাবোৰক স্বীকৃতি দিয়াৰ অৰ্থেই আজি কেইবাবছৰো ধৰি প্ৰদান কৰি অহা এই বঁটাই ইতিমধ্যেই ৰাজ্যৰ জনগণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষ সমূহৰ দৰে এই বেলিও কলা-সংস্কৃতি, খেল, সাংবাদিকতা আদি কেইবাটাও শিতানত ৰাজ্যৰ কেইবাগৰাকীও যুৱ প্ৰতিভাক প্ৰদান কৰা হৈছে এই বঁটা।সেই অনুসৰি দিহানাম ,টোকাৰী গীত আৰু অন্যান্য পৰম্পৰাগত কলা সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত দীৰ্ঘ দিনে আত্মনিয়োগ কৰি অহা কমলা গগৈৰ লগতে থ্ৰিলাৰ তথা অসমৰ ভৌতিক কল্পকাহিনীৰ অন্যতম বাটকটীয়া অতি জনপ্ৰিয় লেখক ৰঞ্জু হাজৰিকাকে ধৰি ৰাজ্য তথা দেশৰ সংবাদ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই অহা বিশিষ্ট সাংবাদিক তৰা আগৰৱালা,ভাৰত চৰকাৰৰ আই আৰ এছ বিষয়া আশিক উজ জামান ,সফল উদ্যোগী পুষ্পধৰ দাস আৰু  ক্ৰীড়াৰ লগত জড়িত ৰিমঞ্জু  ৰয়কো ২০২০-২১বৰ্ষৰ এই "ছন অফ দ্য ছয়েল" বঁটাৰে বিভূষিত কৰা হয়। এইসকলৰ ওপৰিও অৰণ্য তথা জৈৱ বৈচিত্ৰ সংৰক্ষণত নিস্বাৰ্থ সেৱা আগবঢ়াই অহা দেশৰ অন্যতম জনপ্ৰিয় প্ৰকৃতিপ্ৰেমী পদ্মশ্ৰী যাদব পায়েং,প্ৰকৃতিৰ জামাদাৰ খ্যাত হাড়গিলা সংৰক্ষণৰ হকে অহোপুৰুষাৰ্থ কৰি পূৰ্ণিমা দেৱী বৰ্মনৰ লগতে আশীৰ দশকতে ৰাজ্যৰ ক্ৰিয়া ক্ষেত্ৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তৈয়াবুন নেচাকে ধৰি অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণকো এই সন্মান প্ৰদান কৰা হয়। উল্লেখ্য যে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই বঁটা সমূহ নিজ হাতে প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানৰ সামৰণিত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজ ভাষণ প্ৰসংগত কয় যে এই মাটিৰ মানুহক অৰ্থাৎ ভূমিপুত্রক প্ৰদান কৰা এই বঁটাৰ স্বীকৃতিয়ে বঁটা প্ৰপাক সকলক এই ভূমিৰ প্ৰতি আৰু অধিক দায়বদ্ধ কৰি তোলাৰ লগতে অন্যান্য সকলকো যথেষ্ট অনুপ্ৰেৰণা যোগাব। "ছন অফ দ্যা ছয়েল" নামটোৰ আলমলৈয়ে অধ্যক্ষ দৈমাৰীয়ে মাটিৰ মানুহৰ চিন্তা তথা কৰ্মক সমাজে কিয় স্বীকৃতি দিয়া উচিত তাৰ ওপৰত এক নাতিদীর্ঘ ভাষণ দিয়াৰ লগতে কেয়াৰ লুইতৰ এনে উদ্যোগৰ বাবে  অনুষ্ঠানটোকো ভূয়সী প্ৰশংসা কৰে। ইফালে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ভাষণত উপস্থিত দৰ্শকো আপ্লুত হোৱা দেখা যায়। এজন সামাজিক ব্যক্তিৰ মূল্যবোধৰ মূল্যাংকন কি দৰে হোৱা উচিত সেই সম্পৰ্কত একেবাৰে সহজ-সৰল গ্ৰাম্য সৰলতাৰে অধ্যক্ষ গৰাকীয়ে প্ৰদান কৰা বক্তব্যই উপস্থিত দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হতুৱাই এই বঁটা প্ৰদান কৰাত প্ৰকৃতাৰ্থতে এজন স্বনামধন্য ভূমি পুত্ৰৰ দ্বাৰা এচাম নতুন প্ৰজন্মৰ ভূমিপুত্ৰক কিদৰে নিজে সু-প্ৰতিষ্ঠিত হৈ কৰি সামাজিক দায়বদ্ধতাৰে সমাজ এখনক উত্তৰণৰ দিশেৰে আগুৱাই নিব লাগে তাৰ দিগদর্শন দিয়া হ'ল বুলিও অনুষ্ঠানটোত উপস্থিত একাংশ দৰ্শকে মত প্ৰকাশ কৰে। কেয়াৰ লুইতৰ অন্যতম প্ৰতিষ্ঠাতা তথা "ছন অফ দ্য ছয়েল" বঁটা প্ৰদান অনুষ্ঠানটোৰ আঁৰৰ মগজু কিশোৰ জয়ন্ত মাধবকো এনে এক অনুষ্ঠান প্ৰতি বছৰে ৰাইজলৈ আগবঢ়াই দি অহাৰ বাবে অধ্যক্ষ দৈমাৰীৰে অভিনন্দন জ্ঞাপন কৰে।

Your Comments