নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ পল্টনবজাৰৰ কালিবাৰী ৰেলৱে কলনীত পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ লোমহৰ্ষক হত্যা কাণ্ডৰে জড়িত থকাৰ অভিযোগত পত্নী মৌচুমী চক্ৰৱৰ্তী আৰু জ্যেষ্ঠ কন্যাক গ্ৰেপ্তাৰ।৩দিন ধৰি আৰক্ষীৰ মাৰাথন জেৰাৰ পাছত দেওবাৰে নিশা লতাশিল থানাই নাৰায়ণৰ পত্নী আৰু সোমবাৰে জ্যেষ্ঠ কন্যাক গ্ৰেপ্তাৰ কৰাৰ কথা প্ৰকাশ কৰে তদন্তকাৰী আৰক্ষীয়ে ।পাৰিবাৰিক কাৰণতেই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে কয়।গুৰুত্বপূৰ্ণ কথা এই যে গ্ৰেপ্তাৰ হোৱা জ্যেষ্ঠ কন্যা নাবালিকা।আৰক্ষীয়ে প্ৰকাশ কৰা মতে এডাল ৰডেৰে মূৰত আঘাত কৰি হত্যা কৰিছিল নাৰায়ণক ।গুৱাহাটীৰ চেণ্ট্ৰেলৰ ডিচিপি দিগন্ত চৌধুৰীয়ে সমগ্ৰ হত্যাকাণ্ডৰ ঘটনাটোৰ তদন্ত দায়িত্বত আছে।
উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে পল্টনবজাৰ কালিবাৰী ৰেলৱে কলনীত বন্ধুৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছিল নাৰায়ণৰ মৃতদেহ।
আৰক্ষীয়ে জানিব দিয়া অনুসৰি হত্যাকাণ্ডৰে আৰু ব্যক্তি জড়িত থকাৰ তথ্য পোৱা গৈছে।তাৰ বাবে তদন্ত অব্যাহত আছে।লতাশিল থানাৰ গোচৰ নং ৩৭০/২১ আই.পি.চি ৩০২ অধীনত তদন্ত অব্যাহত আছে।আনহাতে, স্বামী হত্যাৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মৌচুমীক পানবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে।
একেদৰে জ্যেষ্ঠ কন্যা নাবালিকা হোৱা হেতুকে জুভেনাইল জাষ্টিছ বোৰ্ডত হাজিৰ কৰা হ'ব।
- Log in to post comments
- 54 views