নিউজ ডেস্ক:
লামডিং বনাঞ্চলৰ উচ্ছেদৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়লয়ে যি নিৰ্দেশনা দিছে সেইয়া নিৰ্দেশনা অসমৰ যিকোনো প্ৰান্তৰ বেদখল কৰা অঞ্চলসমূহত উচ্ছেদ কৰিবৰ বাবে দিব পাৰে। শিলাদিযই কয় যে ,"বনাঞ্চল সমূহৰ ভূমি বেদখল কৰিবলৈ কেনেকৈ মানুহ বোৰ আহে, কোনে আনে , মানহবোৰৰ পূৰ্বৰ পৰিচয় কি সামগ্ৰীক ক্ষেত্রত CID তদন্ত হ'ব লাগে।
সেইদিনা উচ্ছেদিত মানুহৰ হাতত খেদা খোৱা মানুহজন পূৰ্বতে কাশ্মীৰত আছিল। কি কাম কৰি আছিলে কাশ্মীৰত তেও? তাৰ তদন্ত হ'ব লাগে।
নজৰুল সাধাৰণ মানুহ নহয়। এটা ডাঙৰ অপৰাধী। ডাঙৰ ভূ-মাফিয়া।বিৰপ্পানৰ দৰে মানুহ নজৰুল।
কোনোবাই যদি নজৰুলৰ কথা নুশুনে তেনেহলে তেওঁ সেই মানুহজনৰ পৰিয়ালক অপহৰণ কৰি লয়। ইতিমধ্যে নজৰুলে বহু পৰিয়ালক অপহৰণ কৰি ৰাখিছে ।
যেতিয়া উচ্ছেদ হ'ব বুলি গম পালে তেতিয়া তেওঁ পলায়ন কৰিলে।। তেওলোকৰ দুই নাগৰিকত্ব থাকে।
সেইবাবে CBI তদন্ত হ'ব লাগে।
তেওঁলোক ভাৰতৰো নাগৰিক, বাংলাদেশৰো নাগৰিক।এতিয়া বাংলাদেশৰ কৰবাত আৰামত বঢ়ি আছে নজৰুল । যেতিয়া পৰিবেশ শান্ত হ'ব তেতিয়া পুনৰ ঘুৰি আহিব ।এই মানুহবোৰৰ বাবে ৰেড এলাৰ্ট দিব লাগে দেশৰ সীমাত। য'ত পাই তাতে ধৰিব লাগে।
চাকমা লোকলকলে ১৫ দিনৰ সময়সীমা প্ৰশাসনক বান্ধি দিয়া সন্দৰ্ভত কয় যে, চৰকাৰৰ পৰা তেওলোকক মাটি দিয়া হ'ব। ধৰ্য্য ধৰক। ইমানদিনে টো বনাঞ্চল ধ্বংস কৰি সকলো জীৱ-জন্তু ধ্বংস কৰিলেই সেয়েহে অলপ ধৰ্য্য ধৰক ।"
- Log in to post comments
- 20 views