খচৰা ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্ত, নাম কৰ্তন, সমষ্টি সাল- সলনি, নাম শুদ্ধ আদি কিদৰে কৰিব! কামৰূপ(ম) জিলা প্ৰশাসনৰ ঘোষণা

A

নিউজ ডেস্ক:

কামৰূপ মহানগৰ জিলা ভোটাৰক সচেতন কৰাৰ উদ্দেশ্যৰে জিলা প্রশাসনৰ বিশেষ পদক্ষেপ।কটন বিশ্ববিদ্যালয় সুদমাৰ্চন প্ৰেক্ষাগৃহত  জিলা প্ৰশাসনৰ উদ্যোগত এ.আৰ. অ আৰু বি.এল.অ চুপাৰ ভাইজাৰ সকলৰ গুৰুত্বপূৰ্ণ বৈঠক এখন অনুষ্ঠিত হয়।শনিবাৰে অনুষ্ঠিত বৈঠকৰ পিছতে ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যৰে প্ৰদৰ্শন কৰা হয় এখন বাটৰ নাট। 

ইয়াৰ পূৰ্বে বৈঠকত উপস্থিত থাকে ৰাজ্যিক মূখ্য নিৰ্বাচনী বিষয়া Nitin Khade, কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে কটন বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল।

মহানগৰ জিলা প্রশাসনে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ শুদ্ধ প্ৰক্ৰিয়াত নাগৰিকক জড়িত কৰাৰ লগতে, সংশোধনী খৰটকীয়া কৰাৰ বাবে শনিবাৰে জিলা প্ৰশাসনে এই কাৰ্যসূচী গ্ৰহণ কৰে।

ইফালে ভোটাৰক সজাগতাৰ বাবে জিলা প্রশাসনে অহা ১৪ আৰু ১৫ নৱেম্বৰত মহানগৰীৰ চেন্ট্ৰেল ম'ল, চিটি চেণ্টাৰ, গুৱাহাটীৰ চেন্ট্ৰেল মলৰ লগতে জনসমাগম হোৱা স্থানত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰিব বুলি আজি জানিব দিয়ে।

উল্লেখ্য যে জিলা প্ৰশাসনে প্ৰকাশ কৰা ভোটাৰ তালিকা সংক্ষিপ্ত  সংশোধনী-২০২২ প্ৰক্ৰিয়াত বাদ পৰা আৰু ওজৰ-আপত্তি ১-৩০ নৱেম্বৰৰ ভিতৰত কৰিব লাগিব। ইয়াৰ বাবে ভোটাৰক সজাগ কৰা বাবে ১৩-১৪ নৱেম্বৰ ২১আৰু২৭ নৱেম্বৰত বিশেষ অভিযান  চলাব জিলা প্ৰশাসনে।

উল্লেখ্য যে খচৰা ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্তি, নাম কৰ্তন, নাম সংশোধন আৰু সমষ্টি সাল -সলনি বাবে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।৬নং পত্ৰত নতুন নাম অন্তৰ্ভুক্তি নাইবা এটা বিধানসভা সমষ্টি পৰা আন এটা বিধান সভা সমষ্টিলৈ স্থানান্তৰৰ কাৰণে ,প্ৰ পত্ৰ নং ৬( ক )প্ৰবাসী ভাৰতীয়ৰ নাম অন্তৰ্ভুক্তিৰ বাবে।প্ৰ-পত্ৰ নং৭ ভোটাৰ তালিকাত থকা নাম কৰ্তনৰ বাবে ।  নং ৮ নিৰ্বাচক নামাৱলীত প্ৰবৃষ্টিত বিবৰণৰ সংশোধনীৰ বাবে, প্ৰ পত্ৰ নং ৮ (ক) নিৰ্বাচক নামাৱলীত থকা নাম সমষ্টিৰ ভিতৰত সাল সলনীৰ বাবে কৰিব লাগিব।এই প্ৰ-পত্ৰ সমূহ নিৰ্দিষ্ট ভোট গ্ৰহণ কেন্দ্ৰত সংগ্ৰহ আৰু জমা কৰিব পাৰিব।ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্তি , নাম কৰ্তন, নাম সংশোধন আৰু সমষ্টিৰ ভিতৰত সালসলনিৰ কাম www.nvsp.in ৱেবচাইটৰ জৰিয়তে অনলাইন পদ্ধতিত কৰিব পাৰিব।

Your Comments

Related Articles