নিউজ ডেস্ক:
অসম বিধানসভাত পুৰণি সামগ্ৰী নিলাম প্ৰক্ৰিয়াত দালালি কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীৰ হাতত আটক এজন।বিধানসভাই নিলাম কৰা পুৰণি সামগ্ৰী ক্ৰয় কৰিবলৈ আহি দিছপুৰ আৰক্ষীৰ হাতত আটক চাইদুল হক নামৰ এগৰাকী ব্যক্তি।উল্লেখ্য যে নিলাম কৰা সামগ্ৰী বিধানসভাৰ ফালৰ পৰা নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ অধিক মূল্য দিয়াৰ অভিযোগতে আটক কৰে আৰক্ষীয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে সামগ্ৰী ক্ৰয় কৰিব আহি দালালি কৰাৰ অভিযোগত আৰক্ষীৰ হাতত বন্দী হোৱা চাইদুল হকৰ ঘৰ কাহিলীপাৰা দক্ষিণগাঁৱত।দিছপুৰ আৰক্ষী থানাত বৰ্তমান ৰখা হৈছে হকক।
- Log in to post comments
- 13 views