নিউজ ডেস্ক:
কৰোনা মহামাৰীৰ বাবে স্থগিত ৰখা হ'ল মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ। অলিম্পিক পদকজয়ী লাভলিনা বৰগোহাঁইয়ে তুৰস্কৰ ইস্তানবুলত অহা ৪ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চলিবলগীয়া এই প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ কথা আছিল ।কিন্তু ক'ভিডৰ বাবে তিনি মাহ স্থগিত কৰা হৈছে এই প্রতিযোগিতাখন । পৰবৰ্তী সময়ত প্রতিযোগিতা খনৰ দিন ঠিক কৰা হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে।
আন্তর্জাতিক বক্সিং সংস্থাৰ সভাপতি উমৰ ক্রেমলেভে জানিবলৈ দিয়া মতে " মহিলাৰ বিশ্ব চেম্পিয়নশ্বিপ ২০২২ চনৰ মার্চ মাহ পর্যন্ত স্থগিত কৰা হৈছে। আমি জানো যে বহুতো দেশে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছিল।কিন্তু প্ৰতিযোগী সকলৰ সুৰক্ষাৰ কথা চিন্তা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে ।"
- Log in to post comments
- 26 views