লংকাৰ সমীপৰ লামডিং বনাঞ্চলৰ থাদংনলাত আজি পুনৰ হয় উচ্ছেদ অভিযান

A

নিউজ ডেস্ক:
হোজাই জিলাৰ লামডিং বনাঞ্চলৰ থাদংনলাত আজি হয় উচ্ছেদ অভিযান । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি হোজাই জিলা প্ৰশাসনৰ সহযোগত আৰু বন বিভাগৰ উদ্যোগত যোৱা ৮ আৰু ৯ নবেম্বৰ তাৰিখে লামডিং বনাঞ্চলৰ ভিতৰত অবৈধ ভাবে বসবাস কৰি থকা লোকসকলৰ ওপৰত কৰা হৈছিল উচ্ছেদ । পিছত, আজি পুনৰ  লামডিং বনাঞ্চলৰ থাদংনলাত জিলা প্ৰশাসনে চলাই  উচ্ছেদ অভিযান । আজি পুৱা ৯ বজাৰ পৰা উক্ত অঞ্চলত উচ্ছেদ হোৱাৰ কথা আছিল যদিও থাদংনলা অঞ্চলত থকা চাকমা লোকসকলে  প্ৰশাসনে পুনৰ সংস্হাপন দিয়া ঠাইলৈ যাবলৈ অমান্তি হোৱাত বহু পৰলৈকে উচ্ছেদ হোৱা নাচিল উক্ত অঞ্চলটোত।ফলত থমকি ৰৱ লগা হৈছিল হোজাই প্ৰশাসন।  প্ৰশাসনে বাৰম্বাৰ বুজাইছিল যদিও নিজৰ মতত ব্ৰৰ্তী আছিল চাকমা লোকসকল। বিচৰা ঠাই নিদিলে থাদংনলাতেই  মৰিম বুলি নিজৰ মত ব্যক্ত কৰিছিল চাকমা লোকসকলে । তিনিবাৰলৈকে প্ৰশাসনে অন্য অন্য ঠাই দেখুৱাইছিল যদিও পিছত, থাদংনলাৰ চাকমা লোকসকলক লামডিং বনাঞ্চলৰ সমিপৰ ডেকাবস্তিত সংস্হাপন দিয়া হৱ বুলি জনোৱাত সহজতে মান্তি হৈ পৰে চাকমা লোকসকল।পৰবৰ্তী সময়ত চাকমা লোকসকলে নিজৰ ঘৰ-দুৱাৰ নিজে ভাঙি টালি-টোপোলা বান্ধি প্ৰশাসনৰ ফালৰ পৰা দিয়া টেক্টৰত উঠাই ডেকাবস্তিলৈ ৰাওনা হয় ।বৰ্তমানলৈ বহু পৰিয়াল ওলাই আহিবলৈ এতিয়াও বাকী আছে উক্ত অঞ্চলটোৰ পৰা ।কাইলৈকে উচ্ছেদ চলাৰ সম্ভাৱনা উক্ত থাদংনলা অঞ্চলটোত।অবিভক্ত নগাও দক্ষিণ বন সংমণ্ডল বিষয়াই (DFO) জানিব দিয়া মতে, থাদংনলাত ২৬ টা পৰিয়াল থকাৰ লগতে সৰ্বমুঠ বৰ্তমানলৈকে ১৪১০ হেক্টৰ ভূমিত বেদখলমুক্ত কৰা হৈছে। লগতে আগন্তোক দিনত পৰ্য্যায় ক্ৰমে লামডিং বনাঞ্চলৰ ভূমিত অবৈধ ভাবে বসবাস কৰি থকা ঠাইসমূহত চলি থাকিব উচ্ছেদ  ।আজৰউচ্ছেদত আৰক্ষীয়ে বলপূর্বক ভাবে ঘৰ-দুৱাৰ ভঙাৰ পৰিস্থিতি সৃষ্টি নহল, তাৰ বিপৰীতে শান্তি পূৰ্ণ ভাবে উচ্ছেদ চলা পৰিলক্ষিত হয়।

 

Your Comments