APSC প্ৰাৰম্ভিক পৰীক্ষাত ৮৯৮ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰে গুৱাহাটীৰ এছ.পি.এম আই.এ.এছ একাডেমি সাফল্য

A

নিউজ ডেস্ক:

শেহতীয়াকৈ ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলত ৮৯৮ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণৰে ৰাজ্যৰ ভিতৰতে  শীর্ষত উজ্বলিল গুৱাহাটী এছ.পি এম আই.এ.এছ একাডেমি।অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত এখন শিক্ষানুষ্ঠানৰ পৰা প্ৰায় ন' শতাধিক শিক্ষাৰ্থী উত্তীর্ণ হোৱা এয়াই প্ৰথম ঘটনা। 
বৃহস্পতিবাৰে মহানগৰীৰ জু-ৰোড স্থিত শিক্ষানুষ্ঠান খনৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি শিক্ষানুষ্ঠানৰ কর্তৃপক্ষই অশেষ কষ্ট-গভীৰ অধ্যয়নৰ জৰিয়তে শিক্ষাৰ্থীয়ে এছপিএম আইএএছ একাডেমিক ৰাজ্যৰ ভিতৰতেই শীৰ্ষত উপনীত কৰা বাবে উত্তীৰ্ণ  সকলো শিক্ষাৰ্থী ধন্যবাদ জনায়। প্ৰচুৰ সম্ভাৱনাপূর্ণ ৰাজ্যৰ শিক্ষাৰ্থীক অসমতে থাকি সৰ্বভাৰতীয় তথা ৰাজ্যিক লোকসেৱা আয়োগৰ পৰীক্ষা সমূহৰ বাবে প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্যৰে ২০১৯ চনত কেইগৰাকীমান উদীয়মান যুৱকৰ প্রচেষ্টাত প্ৰাণ পাই উঠিছিল এছ পি এম আই এ এছ একাডেমি। 

উল্লেখ্য যে যোৱা দুটা বছৰ ক'ৰনা মহামাৰী বাবে শিক্ষানুষ্ঠাখনে ছাত্ৰ ছাত্ৰীসকলক অনলাইন জৰিয়তে পাঠদান কৰাইছিল।অনলাইন প্লেটফৰ্ম ইউটিউব চেনেল -SPM IAS academyৰ জৰিয়তে  প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবে সহায়ক হোৱাকৈ সাধাৰণ জ্ঞান আৰু বাতৰি কাকতৰ পৰ্যালোচনাৰ শ্ৰেণী বিনামূলীয়াকৈ আগবঢ়াই আহিছে।উল্লেখযোগ্য যে, সৰ্বভাৰতীয় স্তৰৰ পৰীক্ষাৰ বাবে শিক্ষাৰ্থী সকলক প্ৰস্তুত কৰি তুলিবলৈ আই আই টি ৰ'ৰকী আৰু কানপুৰৰ অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱা হয় শিক্ষানুষ্ঠানখনত।

অসমত থাকিয়েই দিল্লীৰ কোচিং প্ৰতিষ্ঠান সমূহৰ দৰেই পৰিৱেশ শিক্ষাৰ্থীক দিব পৰাকৈ উন্নত মানৰ ডিজিটেল আন্তঃগাঁঠনিৰ ব্যৱস্থা কৰা হৈছে এছ পি এম আইএএছ একাডেমিত।প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলত এই বৃহৎ সফলতাৰ পাছত  অচিৰেই শিক্ষাৰ্থী সকলক মূল পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিব পৰাকৈ পাঠদান কৰিবলৈ শিক্ষানুষ্ঠান খন প্ৰস্তুত হোৱা বুলি সংবাদ মেলত সদৰী কৰে কৰ্তৃপক্ষই।আজিৰ সংবাদ মেল সম্বোধন কৰে এছ পি এম আইএএছ একাডেমিৰ নিৰ্দেশক চিন্ময় বৰদলৈ আৰু শিক্ষানুষ্ঠান খনৰ সঞ্চালক প্ৰধান বিবেক খেটাৱাতে।

তাৎপৰ্যপূৰ্ণ কথা এই যে এইবাৰ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক  পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ পৰা প্ৰায় ২০০০অধিক ছাত্ৰ-ছাত্ৰী অৱৰ্তীন হৈছিল।ইফালে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ উত্তীৰ্ণ  হোৱা নাই সেইসকল ছাত্ৰ-ছাত্ৰীক পুনৰ প্ৰস্তুত কৰি তুলিব।তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে আকৌ খৰছ কৰিব নালাগে কোনো মাচুল।পৰীক্ষাত উত্তীৰ্ণ নোহোৱা পৰ্যন্ত পাঠদান কৰি থাকিব পাৰিব- এই কথা সংবাদমেলত অৱগত কৰে কর্তৃপক্ষই।

Your Comments