উপ-নিৰ্বাচনত জয়ী পাঁচ বিধায়কৰ শপত গ্ৰহণ

A

নিউজ ডেস্ক:

ৰাজ্যৰ উপ-নিৰ্বাচনত জয়ী হোৱা ৫ জনকৈ বিধায়কে বৃহস্পতিবাৰে ললে শপত।অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শপত বাক্য পাঠ কৰালে নৱ-নিৰ্বাচিত বিধায়কসকলক।

উল্লেখ্য যে উপ-নিৰ্বাচনত জয়ী হোৱা বিজেপি মিত্ৰজোঁটৰ শপত লোৱা বিধায়কসকল হৈছে থাওৰা সমষ্টিৰ সুশান্ত বৰগোঁহাই, মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুর্মী, ভৱানীপুৰ সমষ্টিৰ ফণীধৰ তালুকদাৰ, জলেন দৈমাৰী আৰু  জিৰণ বসুমতাৰীয়ে শপত গ্ৰহণ কৰে।

উল্লেখ্য যে পাঁচ বিধায়কক শপত গ্ৰহণৰ বাবে অসম বিধানসভাই এদিনীয়া বিশেষ অধিৱেশন আয়োজন কৰিছিল।

Your Comments