নিউজ ডেস্ক:
আজি ষট পূজা।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ কেইবাটাও নৈৰ ঘাটত আয়োজন কৰা হৈছে ষট পূজা। শুক্ৰেশ্বৰ ঘাট, কাছমাৰী ঘাট , ফাচী বজাৰ ঘাট, বশিষ্ঠ , উজান বজাৰ ঘাট, চূনশালী ,ভূতনাথৰ লগতে মহানগৰীৰ কেইবাটাও স্থানত আবেলি পৰা আৰম্ভ হৈছে ষট পূজা।উল্লেখ্য যে চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ষট পূজাৰ তৃতীয় দিনটোত ঘাটলৈ আহি ভক্ত সকলে সূৰ্যাস্তৰ সময়ত অৰ্ঘ দিয়া নিয়ম।আনহাতে কাইলৈ পুৱা সূৰ্য উদয় হোৱাৰ আগৰে পৰা ভক্ত সকলে পূজা অৰ্চনা কৰাৰ লগতে সূৰ্য উদয়ৰ সময়ত অৰ্ঘ দিব।জনবিশ্বাস মতে সূৰ্য দেৱতাক পূজা কৰিলে মনৰ কামনা পূৰণ হোৱাৰ লগতে সুখ শান্তি সমৃদ্ধ অতুত থাকে।তাৰ বাবে পালন কৰে ষট পূজা।
অন্য বৰ্ষ সমূহৰ তুলনাত এইবাৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত বালি চাপৰি পূজা কৰিবলৈ অধিক আহল- বহল হৈছে।তাৰ বাবে নদী ঘাট সমূহত হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।
ইফালে ষট পূজা উপলক্ষে ৰাজ্য চৰকাৰে জাৰি কৰিছে ক'ভিডৰ এছঅ'পি।একেদৰে ভক্তৰ নিৰাপত্তা আৰু মহানগৰীৰ যান-জট নিয়ন্ত্ৰণৰ বাবে বাহন চলাচলত পথৰ সামান্য সাল-সলনি কৰিছে গুৱাহাটী যান- বাহন আৰক্ষীয়ে।
ইয়াৰ উপৰিও ষট পূজাৰ সময়ত যাতে কোনো অঘটন নহয় তাৰ বাবে নদীৰ ঘাট সমূহত সষ্টম হৈ আছে এছডিআৰএফ আৰু এনডি আৰএফৰ দল।আজি দিনৰ ভাগত অগ্নি আৰু জৰুৰীকালীন বিভাগৰ বিশেষ সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই ভক্ত নিৰাপত্তা দিশটো নদী আৰক্ষী আৰু এচ ডি আৰ এফৰ সৈতে গুৱাহাটী ব্ৰহ্মপুত্ৰ ঘাটত পৰ্যবেক্ষণ কৰে।
- Log in to post comments
- 15 views