আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ, অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ক'ভিড যোদ্ধাক সম্বৰ্ধনা

A

 

নিউজ ডেস্ক: 
আন্তঃৰাষ্ট্ৰীয় মানব অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা বিশিষ্ট সমাজসেৱক শ্ৰীযুত দিলীপ পোদ্দৰক উষ্ম সম্বৰ্ধনা জনোৱা হয় ।উল্লেখ্য যে  পোদ্দৰে বিশ্ব মহামাৰী কভিডৰ বাবে দিয়া লকডাউনৰ সময়ত শতাধিক দৰিদ্ৰ লোকৰ মাজত অন্ন,বস্ত্ৰ যোগান ধৰি মানবতাৰ নিদৰ্শন দাঙি ধৰাৰ বাবে বিশিষ্ট সমাজসেৱকগৰাকীক মানব অধিকাৰ পৰিষদৰ ৰাজ্যিক সমিতিৰ ফুড এণ্ড পাব্লিক দিষ্ট্ৰিবুশ্যন চেলৰ তৰফৰ পৰা এখনি ফুলাম গামোচা ,মানপত্ৰ আৰু চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা অনুষ্ঠানটিত আন্তঃৰাষ্ট্ৰীয় মানব অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শ্ৰী কৰণ কুমাৰ ভূঞা আৰু যুটীয়া সম্পাদক শ্ৰী ৰোনাল পোদ্দাৰ উপস্হিত থাকে ।

Your Comments