সুৰাপায়ী মডেল ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত গুৰুতৰভাবে আহত শ্ৰমিক জোচেফ মাৰাকৰ জিএমচিএইচত মৃত্যু

A

নিউজ ডেস্ক:

সুৰাপায়ী মডেল ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত গুৰুতৰভাবে আহত শ্ৰমিক জোচেফ মাৰাকৰ অৱশেষত মৃত্যু।এমাহৰো অধিক গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ বিছনাত মৃত্যুৰে যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে শ্ৰমিক জোচেফে।আজি এই কথা জনাই জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাই।এমাহৰো অধিক সময় চিকিৎসালয়ৰ বিচনাত পৰি থকা জোচেফৰ হাওঁফাওঁৰ ৰক্ত পৰিবাহী সিৰা বন্ধ হৈ পৰিছিল।ইয়াৰ উপৰিও গোটেই শৰীৰটোত চেপ্তিক ফৰ্ম হোৱাৰ ফলতে দুৰ্ভগীয়া শ্ৰমিক গৰাকীৰ মৃত্যু হোৱা বুলি কয় শৰ্মাই।

উল্লেখ্য যে ৰুক্মিণীগাঁৱত ১অক্টোবৰৰ নিশা প্ৰায় ১.৩০বজাত সুৰাপায়ী মডেল ৰাজকন্যা বৰুৱাই গাড়ীৰে মহতিয়াই নিছিল জোচেফসহ ৮ জনকৈ শ্ৰমিকক।দুৰ্ঘটনাটোত জোচেফ গুৰুতৰভাবে আহত হৈছিল।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল জোচেফৰ এখন ভৰি ছিঙি গৈছিল ঘটনাস্থলীতে।পৰৱৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত জোচেফৰ অন্যখন ভৰি কাটি পেলাব লগা হৈছিল।

গুৰুত্বপূৰ্ণ কথা এই যে ক'ৰনাৰ বাবে ঘোষিত সান্ধ্য আইন ভংগ কৰি বিলাসী তাজ ভিভাণ্টাত প্ৰভাৱশালী ব্যৱসায়ী পংকজ সাধনীদাৰে আয়োজন কৰা বাৰ্থডে পাৰ্টীত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত মডেল ৰাজকন্যাই সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনাটো ।প্ৰথম অৱস্থাত আৰক্ষীৰ সোপা ধিলা নীতিৰ বাবে দুৰ্ঘটনা সংঘটিত কৰা পাছদিনাই জামিন পাইছিল। পৰৱৰ্তী পয্যায়ত বিভিন্ন সামাজিক মাধ্যমত হোৱা প্ৰতিক্ৰিয়া ফলতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত দ্বিতীয়বাৰ মডেল ৰাজকন্যা গ্ৰেপ্তাৰ হৈছিল দিছপুৰ আৰক্ষীৰ হাতত।বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে বন্দী মডেল গৰাকী।

তাৎপৰ্যপূৰ্ণ কথা এই যে জি এম চি এইচৰ কৰ্তৃপক্ষই দুৰ্ভগীয়া শ্ৰমিকজনক সুস্থ কৰি তুলিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছিল যদিও সুস্থ নহল জোচেফ।
দুৰ্ঘটনাটোৰ ইতিমধ্যে অভিযোগনামা দাখিল কৰিছে দিছপুৰ আৰক্ষীয়ে।ডেৰ পৃষ্ঠাৰ অভিযোগনামাত নাই বিশেষ পাৰ্টী আয়োজন কৰা পংকজ সাধনীদাৰৰ নাম।একেদৰে নাম নাই নৈশ সান্ধ্য আইন ভংগৰে পাৰ্টী অনুষ্ঠিত কৰা হোটেল তাজ ভিভাণ্টাৰ নাম।আনহে নালাগে দিছপুৰ আৰক্ষীয়ে তদন্তৰ বাবে সোধ-পোচ কৰিবলৈও সাহস নহল হোটেল কর্তৃপক্ষ, আয়োজক পংকজ সাধনীদাৰক।

Your Comments