নিউজ ডেস্ক:
মোবাইলে মোবাইলে ঘুৰিছে এটা বিশেষ মেছেজ ৷ এই মেছেজটো লৈয়ে এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ কেইবা লাখো পৰীক্ষাৰ্থী ,অভিভাৱক তথা ৰাজ্যৰ সচেতন মহল। উদ্বিগ্নতা জাপি দিয়া এই মেছেজতো হৈছে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা অসম টেটৰ পৰীক্ষাৰ ফলাফলক লৈ। যোৱা ৩১ অক্টোবৰত অনুষ্ঠিত হৈ যোৱা অসম টেটৰ পৰীক্ষাৰ ফলাফল ভাল কৰি দিয়াৰ গইনালৈ কোনো দুষ্ট চক্ৰই এটা বিশেষ মোবাইল মেছেজৰ জড়িয়তে ধন সংগ্ৰহ কৰিব বিচৰাৰ তথ্য আহি পৰিছে আমাৰ হাতত ৷আমি লাভ কৰা তথ্য মতে কিছুমান System oriented নম্বৰৰ পৰা টেট পৰীক্ষাৰ্থীসকলক whatsapp যোগে এটা লিংক (https://reurl.cc/mvXd4W) প্ৰেৰণ কৰি কোৱা হৈছে যে যদি টেটত কোনোবাই ফেইল কৰে তেন্তে এই লিংকটোত গৈ ধন পৰিশোধ কৰিলেই প্ৰাৰ্থী গৰাকী উপযুক্ত নম্বৰ লাভ কৰি উত্তীৰ্ণ হবলৈ সক্ষম হ'ব। এই বিশেষ মেছেজটোৱে এতিয়া ঘুৰি ফুৰিছে ইজনৰ পিছত সিজন পৰীক্ষাৰ্থীৰ মোবাইলে মোবাইলে।যি সময়ত অসম চৰকাৰে নিকাকৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা কৈ আছিল সেই সময়তে এই চক্ৰটোৱে কেনেকৈ পৰীক্ষাৰ্থী সকলৰ ব্যক্তিগত ফোন নম্বৰ আৰু আবেদন নং সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে।এই বিশেষ চক্ৰটোৱে লক্ষণীয়ভাবে ধনৰ বিনিময়ত উপযুক্ত নম্বৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া এই মেছেজতো মোবাইলে মোবাইলে সম্প্ৰতি ভাইৰেল হৈ পৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ এই পৰ্য্যন্তও কুম্ভকৰ্ণ নিদ্ৰা নভঙাত বিষয়টো আৰু অধিক ৰহস্যঘন হৈ পৰিছে।বাৰ্তা প্ৰেৰণ কৰা সংশ্লিষ্ট whatsapp number সমূহ থকাৰ পিছতো বিষয়টোত বিভাগীয় কৰ্তৃপক্ষ তথা মন্ত্রীয়ে এতিয়ালৈকে কিবা ব্যৱস্থা গ্ৰহণ কৰাটো দূৰৰ কথা সাধাৰণ প্ৰতিক্ৰিয়া এটাও প্ৰকাশ নকৰাত উদ্বিগ্ন হৈ পৰিছে টেট পৰীক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱক সকল। পৰীক্ষাৰ্থী সকলৰ ব্যক্তিগত তথ্য কেনেকৈ এই চক্ৰ টোৱে লাভ কৰিবলৈ সক্ষম হ'ল বুলিও এতিয়া বহু ভুক্তভোগী ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে।ৰাজ্যচৰকাৰে ইমান কঠোৰ নীতি নিয়মৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত কৰি অহা বুলি দাবী কৰি অহাৰ পিছতো উক্ত চক্ৰটোৱে পৰীক্ষাৰ্থী সকলৰ ব্যক্তিগত ফোন নম্বৰ আৰু আবেদন নম্বৰ সমূহ সংগ্ৰহকৰি চলাই থকা এই দুষ্কাৰ্যৰ আঁৰত যে বিভাগীয় কোনো লোক জড়িত হৈ আছে সেয়া এতিয়া দিনৰ পোহৰৰ দৰেই স্পষ্ট হৈ পৰিছে।
- Log in to post comments
- 47 views