ষট পূজা উপলক্ষে মহানগৰীত কেইটামান পথত যান-বাহন চলাচলত নিষেধাজ্ঞা, পঢ়ি লওক

A

নিউজ ডেস্ক:
ষট পূজা উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন চলাচলত নতুন নিয়ম।বুধ-বৃহস্পতিবাৰে মহানগৰীৰ বহুকেইটা পথত যান- বাহন চলাচলত নিষেধাজ্ঞা।আজি সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰে যান-বাহন শাখা আৰক্ষী আয়ুক্তই।
বুধবাৰে দিনৰ ১বজাৰ পৰা বাধা- নিষেধ প্ৰযোজ্য হ'ব যান-বাহন চলাচল সন্দৰ্ভত।এপ'ল পইণ্টৰ পৰা কটন কলেজিয়েট স্কুল পইণ্টলৈ এম জি পথেৰে ভক্ত কঢ়িওৱা বাহনৰ বাহিৰে অন্য বাহন চলাচল কৰিব নোৱাৰিব।

ভৰলুমুখ দিশৰ পৰা পানবজাৰ- চান্দমাৰি অভিমুখী চিটিবাছকে ধৰি অন্য সকলো বাহন এ'পল পইণ্টৰ পৰা টিআৰপি ৰোড হৈ এইচবি ৰোডেৰে এন.বি হল পইণ্টৰ বাওঁদিশে ঘূৰি এফচি ৰোড, টয়াবুল্লাহ ৰোড আৰু জিএনবি ৰোডেৰে যাব পাৰিব।

চান্দমাৰী দিশৰ পৰা জালুকবাৰী দিশত যাব লগা বাহনসমূহ টিচি পইণ্ট হৈ জিলা পুথিভঁৰাল, আৰবি আই পইণ্ট হৈ পানবজাৰ উৰণীয়া সেতু নৰ্থ পইণ্ট হৈ এ.টি ৰোডেৰে আঠগাঁও উৰণীয়া সেতু হৈ যাব পাৰিব।

টিচি পইণ্ট জিএনবি ৰোড হৈ পানবজাৰ ফাঁচী বজাৰ লৈ আহিব লগা লঘু বাহনসমূহ  এম এল এন ৰোড হৈ এইচ বি ৰোডেৰে যাব পাৰিব।

উজানবজাৰ-লতাশিল দিশৰ পৰা ভৰলু অভিমুখী লঘু বাহন সমূহ বি চি ৰোড, টয়াবুল্লাহ ৰোড, জিএনবি ৰোডেৰে যাব পাৰিব।

খানাপাৰা পৰা ভৰলু হৈ জালুকবাৰী অভিমুখী চিটি বাছ সমূহ পানবজাৰ এন অ বি ছাইথ পইণ্ট হৈ এটি ৰোডেৰে চলাচল কৰিব পাৰিব।

জালুকবাৰী ফালৰ পৰা অহা আন্তঃজিলা বাছসমূহ  গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰিব।২৭নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ  আইএছবিটিলৈ যাব পাৰিব।ভক্ত কঢ়িওৱা বাহন অৱশ্যে আহিব পাৰিব ।

বুধবাৰে পুৱা ৯বজাৰ পৰা ১১নবেম্বৰৰপুৱা ৯বজালৈ ২৭নং ৰাষ্ট্ৰীয় ঘাই পথ, চন্দ্ৰপুৰ, পানী খাইতি আদি দিশৰ পৰা বাণিজ্যক সামগ্ৰী কঢ়িওৱা বাহন মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব।

Your Comments

Related Articles