মঙলবাৰে আদালতত হাজিৰ অশোক শইকীয়া: এচকাৰ্ড বেংকৰ গোচৰৰ পৰৱৰ্তী শুনানি ২২ডিচেম্বৰ

A

নিউজ ডেস্ক:

এচকাৰ্ড বেংকৰ ঋণ কেলেংকাৰী গোচৰত মঙলবাৰে পুনৰ কামৰূপ(ম) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অধিবক্তা অশোক শইকীয়া।২০০১ চনত চি.বি.আইত ৰুজু হৈ থকা গোচৰৰ শুনানি সম্পন্ন হয়। পৰৱৰ্তী শুনানিৰ দিন ন্যায়ালয়ে ধাৰ্য কৰিছে ২২ডিচেম্বৰ।

উল্লেখ্য যে এছকাৰ্ড বেংকৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগত ২০০১চনত চি.বি.আইত ৰুজু হৈ থকা গোচৰত দেওবাৰে গ্ৰেপ্তাৰ হৈছিল অধিবক্তা শইকীয়া।এটা নিশা চি.বি.আইৰ জিন্মাত থকাৰ পিছত সোমবাৰে জামিন পাইছিল প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰই।শইকীয়াই বেংক কৰ্তৃপক্ষক ঋণ পৰিশোধ কৰিছিল।২০১৫ চনত বেংক কৰ্তৃপক্ষই শইকীয়াৰ লেন-দেন শেষ হোৱা বুলি পত্ৰৰ জৰিয়তে অৱগত কৰিছিল।কিন্তু শইকীয়াৰ লেন-দেনৰ তথ্য বেংক কর্তৃপক্ষই আদালতক অৱগত নকৰাৰ বাবে পুনৰ চিবিআইৰ হাতত গ্ৰেপ্তাৰ হৈছিল।

আনহাতে, ন্যায়ালয়ত বুধবাৰে শুনানিৰ অন্তত শইকীয়া পক্ষৰ অধিবক্তাই কয়- এছকাৰ্ড বেংক কৰ্তৃপক্ষই শইকীয়াৰ ঋণ পৰিশোধৰ তথ্য ন্যায়ালয়ত দাখিল কৰিলে পৰৱৰ্তী শুনানিত নিষ্পত্তি হ'ব গোচৰটো।

Your Comments