গুৱাহাটীৰ ৰাজহুৱা স্থানত ঘৰ ভাড়া, টিউচন, কোচিং চেণ্টাৰৰ বিজ্ঞাপন লগোৱা আৰু পিক পেলোৱাৰ বিৰুদ্ধে বুধবাৰৰ পৰা পৌৰ নিগমৰ অভিযান

A

নিউজ ডেস্ক:


গুৱাহাটী মহানগৰীক পৰিষ্কাৰ তথা চাফ-চিকুণ কৰি ৰখা বাবে গুৱাহাটী পৌৰ নিগমৰ কঠোৰ ব্যৱস্থা।ৰাজহুৱা স্থানত অবৈধ ভাৱে লগোৱা যিকোনো ধৰণৰ বিজ্ঞাপনৰ বিৰুদ্ধে কঠোৰ হ'ব নিগম।মঙলবাৰে পৌৰ আয়ুক্ত দেৱশীষ শৰ্মাই এক সংবাদমেল যোগে এই ঘোষণা কৰে।হোষ্টেল, টিউচন, ইনষ্টিটিউট, ভাড়া ঘৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অবৈধ বিজ্ঞাপনৰ বিৰুদ্ধে নিগমে বুধবাৰৰ পৰা মহানগৰীত চলাব অভিযান।শেহতীয়া ভাৱে নতুনকৈ মুকলি হোৱা দিছপুৰ চুপাৰমাৰ্কেট সংযোগী উৰণীয়া সেতুত একাংশই  লগোৱা বিজ্ঞাপন প্ৰসংগ উত্থাপন কৰি শৰ্মাই কয়- চাফ-চিকুণ কৰি ৰখাৰ বাবে আহ্বান কৰিলো কিন্তু কামত নাহিল।বাধ্যত পৰি কঠোৰ নীতি-নিয়ম লবলৈ বাধ্য একাংশ নাগৰিকৰ বাবে।

'মহানগৰৰ ভিতৰত এতিয়াৰ পৰা নিগমৰ অনুমতি অবিহনে লগোৱা পোষ্টাৰৰ বিৰুদ্ধে গুৱাহাটীৰ পৌৰ নিগম আইনৰ ৩৯০দফাৰ অধীনত ব্যৱস্থা গ্ৰহণৰ লগতে প্ৰয়োজনত গোচৰ দাখিল কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে আয়ুক্ত গৰাকীয়ে।

আনহাতে, মহানগৰবাসীক পোষ্টাৰ লগাই থকা কোনো ব্যক্তিক দেখাৰ লগে লগেই নিজৰ মোবাইলত আবদ্ধ কৰি নিগমলৈ প্ৰেৰণৰ আহ্বান জনায়।তথ্যসহ ফটো প্ৰেৰণ কৰাজনলৈ নিগমে দিব ১০০০টকাকৈ পুৰস্কাৰ।নিগমে মঙলবাৰে তথ্য-ফটো প্ৰেৰণৰ বাবে ৪টা ফোন নম্বৰ।ফোন নম্বৰ 8811007000, 7399003001, 7399003002, 7399003004।

মহানগৰবাসীক আহ্বান জনাই আয়ুক্ত শৰ্মাই কয়- দায়িত্বশীল নাগৰিক হিচাপে যতে -ততে থু-খেকাৰ, পিক নেপেলাব।নিজৰ মহানগৰখন যতে-ততে পোষ্টাৰিং নকৰিব।বাধ্যত পৰি তেনে লোকৰ বিৰুদ্ধে অভিযান চলাবলৈ সিদ্ধান্ত গ্লৈছোঁ।বুধবাৰৰ পৰা পৌৰ নিগমে নিয়মভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব- আয়ুক্তই কয়।

আনহাতে, যিসকলে নতুন উৰণীয়া সেতুত ইতিমধ্যে পোষ্টাৰিং লগাইছে তেওঁলোকক সেইসমূহ আঁতৰোৱাৰ বাবে ১৫দিনৰ সময়সীমা বান্ধিলে নিগমে।অন্যথা নিগমে ব্যৱস্থা ল'ব।

নতুনকৈ উদ্বোধন কৰা উৰণীয়া সেতুত সোমবাৰে নিশা জন্মদিন আয়োজন কৰা মহিলা গৰাকীৰ বিৰুদ্ধে কোনো লোকে অভিযোগ বা এজাহাৰ দিলে নিগমে ব্যবস্থা গ্ৰহণ কৰিব বুলিও আয়ুক্ত শৰ্মাই কয়।

আনহাতে, মহানগৰীৰ ৰাজহুৱা স্থানত বুধবাৰৰ পৰা পিক পেলালে ভৰিব লাগিব জৰিমনা।নিগমে ১০০০টকাকৈ জৰিমনা নিৰ্ধাৰণ কৰাৰ কথা আজি ঘোষণা কৰে।

Your Comments

Related Articles