ক'ভিডত পিতৃ বা মাতৃ হেৰুওৱা ছাত্ৰ-ছাত্ৰীৰ বিশেষ নামভৰ্তিৰ ব্যৱস্থা কটন বিশ্ববিদ্যালয়ত

A

নিউজ ডেস্ক:

ক'ৰনাত পিতৃ-মাতৃক হেৰুওৱা ছাত্ৰ-ছাত্ৰীৰ বিশেষ নামভৰ্তিৰ ব্যৱস্থা কটন বিশ্ববিদ্যালয়ত।উচ্চ শিক্ষা প্ৰতিষ্ঠান খনে ২০২১-২২ বৰ্ষত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত ক'ৰনাত পিতৃ-মাতৃ হেৰুওৱা শিক্ষাৰ্থীৰ বাবে বিশেষ নামভৰ্তিৰ ব্যৱস্থা কৰিছে।আজি জাননীৰ জৰিয়তে প্রকাশ কৰিছে এই কথা।এই সুবিধাৰ অধীনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে ১৫ নৱেম্বৰৰ ভিতৰত এখন আবেদন পত্ৰ আৰু যোগ্যতা পৰীক্ষাৰ প্ৰমাণপত্ৰ ছাত্ৰ কল্যাণ বিভাগত প্ৰেৰণ কৰিব লাগিব।আবেদন পত্ৰৰ সৈতে পিতৃ বা মাতৃৰ মৃত্যুৰ কাৰণ ক'ভিড-১৯ বুলি উল্লেখ কৰা চিকিৎসা প্ৰমাণপত্ৰ থাকিব লাগিব আৰু প্ৰয়োজনীয় নথি পত্ৰসমূহ স্কেন কৰি বিশ্ববিদ্যালয়ৰ বিশেষ ই-মেইল আইদিত প্ৰেৰণ কৰিব লাগিব।স্নাতক আৰু স্নাতকোত্তৰৰ বাবে পৃথক পৃথক ই-মেইল ব্যৱস্থা কৰা হৈছে।সেই অনুসৰি স্নাতকৰ - -ec.ug@cottonuniversity.ac.in
আনহাতে স্নাতকোত্তৰৰ বাবে- ec.pg@cottonuniversity.ac.in ত আবেদন কৰিব পাৰিব।

Your Comments