নিউজ ডেস্ক:
চি.বি.আইৰ হাতত দেওবাৰে গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অধিবক্তা অশোক শইকীয়াৰ জামিন মঞ্জুৰ।গুৱাহাটীৰ বিশেষ ন্যায়াধীশ আদালতে আজি মঞ্জুৰ কৰে শইকীয়াৰ জামিন।
উল্লেখ্য যে অসম ৰাজ্যিক কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংকৰ লোণ পৰিশোধ নকৰাৰ অভিযোগত চিবিআইৰ হাতত গ্ৰেপ্তাৰ হৈছিল শইকীয়া ।১৯৯৬চনত ১ লাখ ৭০ হাজাৰ টকাৰ ঋণ শইকীয়াই লৈছিল।২০১৫ চনত উক্ত ঋণৰ ৯ লাখ ৩৭হাজাৰ ৭০১টকা বেংকক পৰিশোধ কৰিছিল।বেংকে তেওঁক ঋণমুক্ত বুলিও প্ৰমাণ পত্ৰ দিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে বেংক কৰ্তৃপক্ষই এই তথ্য চি.বি.আই আদালতক অৱগত নকৰাৰ বাবে ২০০১ চনৰ গোচৰটোত শইকীয়া পুনৰ গ্ৰেপ্তাৰ হৈছিল।
সোমবাৰে বিশেষ আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে।
আনহাতে, মঙলবাৰে আদালতত পুনৰ গোচৰটোৰ সন্দৰ্ভত শইকীয়াই হাজিৰ হ'ব লাগিব।
- Log in to post comments
- 22 views