১জানুৱাৰীৰ পৰা দুৰ্ঘটনাগ্ৰস্ত বা মৃত্যুৰ প্ৰমাণপত্ৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘৰত গৈ দিব লাগিব- মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক:

অসম আৰক্ষীক বিশেষ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ।গাড়ী দুৰ্ঘটনাৰ বা মৃত্যুৰ ৰিপৰ্ট এতিয়াৰ পৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই নিৰ্দিষ্ট ব্যক্তিৰ ঘৰত গৈ দিব লাগিব।অধিবক্তাই লব নোৱাৰিব  ৰিপৰ্ট।এমএচিটিৰ কেচৰ নামত দৰিদ্ৰ মানুহক বিপথে পৰিচালিত কৰা এখন ডাঙৰ বজাৰ আছে- শৰ্মাই কয়।

মৃত ব্যক্তিৰ জীৱন বীমাৰ টকাৰ বাবে আৰক্ষীৰ পৰা মৃত্যুৰ প্ৰমাণ পত্ৰৰ বাবে  ৩০-৪০শতাংশ কমিচন লাগে ইয়াৰ উপৰিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰমাণ পত্ৰ সাধাৰণ মানুহে উলিয়াব নোৱাৰা ব্যৱস্থা এটা কৰি থোৱা হৈছে।কিন্তু পহিলা জানুৱাৰীৰ পৰা দুৰ্ঘটনাৰ প্ৰমানপত্ৰ বিচাৰি থানাত নাযাবলৈ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই।মৃত মানুহ জনৰ প্ৰতি শ্ৰদ্ধা জনাই অসম আৰক্ষী যাব লাগিব তেওঁৰ ঘৰত।এই সাহস অসম আৰক্ষীৰ গাত থাকিব লাগিব- লগতে তেওঁ কয়।

ইফালে কোনো আৰক্ষীয়ে যদি দুৰ্ঘটনা আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ দিবলৈ ঘৰত নাযায় বা থানালৈ মৃত ব্যক্তিৰ পৰিয়াল আহিব লাগে তেন্তে তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা, হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীয়ে।

Your Comments