নিউজ ডেস্ক:
অসম ৰাজ্যিক কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংকৰ লোণ পৰিশোধ নকৰাৰ অভিযোগত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অধিবক্তা অশোক শইকীয়া চি.বি.আইৰ হাতত গ্ৰেপ্তাৰ হয় ।দেওবাৰে গুৱাহাটী সৰুমতৰীয়াৰ বাসগৃহত চি.বি.আই দলে অভিযান চলাই অশোক শইকীয়াক গ্ৰেপ্তাৰ কৰে।উল্লেখ্য যে এছকাৰ্ড বেংকৰ ঋণ কেলেংকাৰী গোচৰত ২০২/৯৮ নম্বৰত পল্টন বজাৰ থানাত ৰুজু হৈছিল গোচৰ।পৰৱৰ্তী সময়ত ২০০১চনত গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰা হৈছিল।তাৰ পাছতে চিবিআই কলকাতা শাখাত ৫/ই/২০০১ আৰু ৬/ই/২০০১ নম্বৰত গোচৰ ৰুজু হৈছিল।
চি.বি.আইৰ হাতত গ্ৰেপ্তাৰৰ পাছতে শইকীয়াই কয়- ১৯৯৬ চনতে ঋণ লৈছিলোঁ।পৰৱৰ্তী সময়ত সকলো পৰিশোধ কৰিছোঁ।এছকাৰ্ড বেংক জেনেৰেল মেনেজাৰে ২০১৫ চনৰ ২৮অক্টোবৰত লেন-দেন অন্ত পৰা বুলি পত্ৰযোগে অৱগত কৰিছিল। ২০১১চনতে সকলো ঋণ পৰিশোধ কৰা পাছতো মনে সজা, ভিত্তিহীন অভিযোগত গ্ৰেপ্তাৰ কৰা বুলি শইকীয়াই কয়।
- Log in to post comments
- 45 views